Local, Vocal, Global

WATCH | Jagiroad News : জাগীৰোডৰ মাজমজিয়াত আমছু’ৰ প্ৰতিবাদ

জাগীৰোড,৪এপ্ৰিল : জাগীৰোডৰ মাজমজিয়াত আমছু’ৰ প্ৰতিবাদ । শীঘ্ৰে ৱাকফ সংশোধনী বিধেয়ক বাতিলৰ দাবী আমছু’ৰ।

ৱাকাফ সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি আমছুৱে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ জাগীৰোড আঞ্চলিক আমছুৰ উদ্যোগত মুখত ক’লা কাপোৰ বান্ধি জাগীৰোডৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে আমছু কৰ্মী সকলে(Jagiroad News)৷

ৱাকাফৰ সম্পত্তি চৰকাৰৰ সম্পত্তি নহয়, এই সম্পত্তিত চৰকাৰে কোনোপধ্যেই হস্তক্ষেপ কৰিব নোৱাৰে বুলিও মন্তব্য আমছু কৰ্মীৰ ৷ সেয়ে অতি শীঘ্ৰে ৱাকাফ সংশোধনী বিধেয়ক বাতিল নকৰিলে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে জাগীৰোড আঞ্চলিক আমছুৱে ৷

লগতে পঢ়ক : WATCH | Koch Rajbongshi : ৰাজ্যিক কেবিনেটত ৰাজ্যৰ কোচ ৰাজবংশী জনজাতিক লৈ গ্রহণ কৰিছে ডাঙৰ সিদ্ধান্ত