Local, Vocal, Global

WATCH | Jagiroad News : জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলন

জাগীৰোড,৩০মাৰ্চ : জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলন

গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলন অহা ২০ ,২১ ,২২ আৰু ২১ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে বিহু উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে ৷

শনিবাৰে জাগীৰোড কনাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলনৰ অস্থায়ী কাৰ্যালয় শুভ উদ্বোধন কৰা হয ৷ জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু সন্মিলনৰ সভাপতি অনন্ত কুমাৰ দাসে ফিতা কাটি শুভ উদ্বোধন কৰে বিহুৰ অস্থায়ী কাৰ্যালয়(Jagiroad News)৷

বন্তি প্ৰজ্বলন কৰে জাগীৰোডৰ ছহিদ লক্ষী ডেকা মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নাৰায়ণ পাল আৰু ৰাণাকান্ত ডেকাই ৷ জাগীৰোড কণাবড়ী গোভা দেওঁৰজা ৰঙালী বিহু উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দীপক কলিতাই আঁতধৰা অনুস্থানটোত বিহুৰ সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰে ৷ উল্লেখ্য যে এইবাৰ ২৩ এপ্ৰিলৰ সাংস্কৃতিক সন্ধিয়াত সংগীত পৰিৱেশন কৰিব আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠ শিল্পী নীলম নয়না , প্ৰদীপ ৰাজ আৰু কৰিশ্মা কৌশিকে ৷

লগতে পঢ়ক : WATCH | Dergaon News : ২০২৪-২৫ বৰ্ষৰ অসম দৰ্শন আঁচনিৰ অধীনত দেৰগাঁও সাহিত্য সভা ভৱনত ধনাদেশৰ বিতৰণ কাৰ্যসূচী