WATCH | Jagiroad News : জাগীৰোড মহাবিদ্যালয়ৰ নতুন গৃহৰ আধাৰশিলা স্থাপন
জাগীৰোড,২৭মাৰ্চ : জাগীৰোড মহাবিদ্যালয়ৰ নতুন গৃহৰ আধাৰশিলা স্থাপন ।
মধ্য অসমৰ উচ্চ শিক্ষানুষ্ঠান জাগীৰোড মহাবিদ্যালয়ত অসমৰ বিভিন্ন জিলাৰ পৰা ছাত্ৰ-ছাত্ৰীসকল আহে অধ্যয়ন কৰিবলৈ ৷ শিক্ষাৰ ক্ষেত্ৰত এৰ সুকীয়া স্থান আছে জাগীৰোড মহাবিদ্যালয়ৰ ৷
বৃহস্পতিবাৰে মহাবিদ্যালয় খনৰ এটি গৃহৰ আধাৰশিলা কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ব্যক্তিগত সহায়ক তথা সমাজ সেৱক অপূৰ্ব ডেকাই ৷ আধাৰশিলা অনুস্থানত জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ , জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ , সমাজ সেৱক মনিন্দ্ৰ ডেকা আদিৰ লগতে মহাবিদ্যালয় খনৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰছাত্ৰী সকল উপস্থিত থাকে(Jagiroad News) ৷
প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হবলগীয়া গৃহটিয়ে মহাবিদ্যালয় খনক কিছু সকাহ দিব বুলি ব্যক্ত কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে ৷