WATCH | Jagiroad News : জাগীৰোডৰ ভেৰভেৰীত অনুষ্ঠিত হোৱা ভাগৱত প্ৰৱচনৰ সফল সামৰণি
জাগীৰোড,২৪মাৰ্চ : সামৰণি পৰিল জাগীৰোডৰ ভেৰভেৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চতুৰ্থ বাৰ্ষিক ভাগৱত প্ৰৱচনৰ। শুক্ৰবাৰৰ পৰা ভেৰভেৰী হৰিমন্দিৰত অনুষ্ঠিত হৈছিল ভাগৱত প্ৰৱচনৰ ।
প্ৰথম দিনা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় অনুষ্ঠানৰ। তাৰ পিছতে ধৰ্মধজ্জা উত্তোলন কৰা হয়। তাৰ পিছতে উলিওৱা হয় বিশাল ভাগৱত প্ৰৱচন শোভাযাত্ৰা ৷ শ শ ভকত বৈষ্ণৱৰ অংশগ্ৰহনত নাম প্ৰসংগৰে মূখৰিত হৈ পৰে সমগ্ৰ অঞ্চল(Jagiroad News)৷
সমগ্ৰ অঞ্চলবাসীৰ লগতে বিশ্ব শান্তিৰ কামনাৰে বিগৰ বৰ্ষসমূহৰ দৰে আয়োজন কৰিছে এই মহান অনুষ্ঠানৰ। প্ৰায় ১০ কিলোমিটাৰ সামৰি উলিওৱা এই শোভাযাত্ৰা প্ৰায় ১২খন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে। আনহাতে তিনিদিনৰ এই মহান অনুষ্ঠানত ৫ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025: সমাগত হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু