Local, Vocal, Global

WATCH |Jagiroad News: জাগীৰোডৰ সিন্ধিশৰত সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন

জাগীৰোড,২৬ফেব্ৰুৱাৰী : জাগীৰোডৰ সিন্ধিশৰত সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে সিন্ধিশৰ লক্ষ্মী মন্দিৰ প্ৰাংগনৰ পৰা সমগ্ৰ অঞ্চলজুৰি উলিওৱা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা(Jagiroad News)৷

জাগীৰোড সমজিলা আয়ুক্ত বিমান দাসে মুকলি কৰা শোভাযাত্ৰাত উদ্ভাসিত হয় তিৱাৰ লগতে মিচিং, বড়ো, কাৰ্বি, ৰাভা আদি বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা ৷ উপস্থিত থাকে অসমৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃত্ব ৷ ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ অমিমাংসিত সমস্যা সমূহৰ সমাধানৰ বিষয়ে আলোচনা কৰে উক্ত সভাত ৷

লগতে পঢ়ক: WATCH | Gelakey News: পুনৰ শংকৰদেৱ সংঘ ত্যাগ কৰিলে এটা পৰিয়ালে