Jagiroad News: চৰকাৰী ভূমিত চকু চৰকাৰী গাঁও প্ৰধানৰ
জাগীৰোড,১৭নৱেম্বৰ : চৰকাৰী ভূমিত চকু চৰকাৰী গাঁও প্ৰধানৰ।জাগীৰোডৰ এইবাৰ সন্দেহযুক্ত নাগৰিক নহয়, এইবাৰ চৰকাৰী ভূমিত চকু চৰকাৰী গাঁওপ্ৰধানৰ ৷ চৰকাৰী ভূমি বেদখল কৰি গাঁওপ্ৰধানে সাজিছে পকীঘৰ ৷ চৰকাৰী গাঁওপ্ৰধান এইজন হৰিলাল দাসৰ বিৰুদ্ধে গৰজি উঠিছে স্থানীয় ৰাইজ(Jagiroad News)৷
এগৰাকী চৰকাৰী গাঁওপ্ৰধানৰ কৰ্মকাণ্ডই জোকাৰিছে জাগীৰোডৰ শান্তিনগৰ অঞ্চল ৷ নিজৰ মাটিৰ লগতে থকা চৰকাৰী ভূমি বেদখলেৰে গাঁওপ্ৰধান হৰিলাল দাসে সাজিছে পকীঘৰ ৷ নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি স্থানীয় লোকক দিছে ভাবুকি,তৰিছে গোচৰো ৷ ক্ষমতাৰ ৰাগিত মাতাল এইগৰাকী চৰকাৰী গাঁওপ্ৰধান হৰিলাল দাসে কেৰেপ নকৰে স্থানীয় লোক বা আৰক্ষী প্ৰশাসনকো ৷ অঞ্চলটোত দুৰ্গাপূজা অনুষ্ঠিত হৈ অহা ভূমি বেদখল কৰি নিৰ্বিঘ্নে চলাই গৈছে নিৰ্মানকাৰ্য ৷
গুৰুগোসাঁই নমনা এইগৰাকী চৰকাৰী গাঁওপ্ৰধানৰ বিৰুদ্ধে উলাই আহিছে অঞ্চলটোৰ পুৰুষ-মহিলা ৷ গাঁওপ্ৰধান হৰিলাল দাসৰ মইমতালিৰ বিৰুদ্ধে ওলাই আহিছে স্থানীয় ৰাইজ। অতি শীঘ্ৰে বিষয়টোৰ তদন্ত কৰি চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লগতে দুৰ্নীতি আৰু অনিয়মেৰে সম্পত্তিৰ পাহাৰ গঢ়া গাঁওপ্ৰধান হৰিলাল দাসক বৰ্খাস্ত কৰাৰ দাবী তুলিছে গাঁৱৰ ৰাইজৰ ৷
লগতে পঢ়ক :Patient dies after falling into hospital drain: চিকিৎসালয়ৰ চৌহদৰ উন্মুক্ত নলাত পৰি মৃত্যু ৰোগীৰ