WATCH | Jagiroad Eviction : জাগীৰোডত চলিল উচ্ছেদ অভিযান

জাগীৰোড,১২জুন : বৃহস্পতিবাৰে জাগীৰোডত চলিল উচ্ছেদ অভিযান ৷ নিৰ্মীয়মাণ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ সন্মূখত এই অভিযান প্ৰশাসনৰ ৷ পথৰ কাষত গঢ় লৈ উঠা অস্থায়ী দোকান সমূহত উচ্ছেদ চলায় আৰক্ষী প্ৰশাসনে ৷
উক্ত স্থানত দিনক দিনে বৃদ্ধি পাই আহিছে অস্থায়ী দোকানৰ সংখ্যা ৷ পথৰ কাষত গঢ় লৈ উঠা একাংশ দোকানত নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ উঠিছে অভিযোগ ৷ জেচিবি লগাই দোকান সমূহত উচ্ছেদ চলায় জাগীৰোড সমজিলা প্ৰশাসনে(Jagiroad Eviction)৷
একাংশ স্থানীয় লোকে ভাত, চাহৰ দোকান খুলি দিছিল পৰিয়াল পোহপাল ৷ কিন্তু উলুৰ লগত বগৰী পোৰা যোৱাৰ দৰে একাংশ দুষ্ট ব্যৱসায়ীৰ বাবেই উচ্ছেদৰ সন্মুখীন হ’বলগীয়া হৈছে সকলো ক্ষুদ্ৰ ব্যৱসায়ী ৷
লগতে পঢ়ক :WATCH | Mushalpur News : ভালুকদঙাত দলং উদ্বোধন বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ