Local, Vocal, Global

জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ ৭দিনীয়া বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালা

ডিজিটেল ডেস্ক:- জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰম্ভ সাদিনীয়া বিহুনাচ আৰু বিহুবাদ্যৰ কৰ্মশালা। ডেৰ শতাধিক ঢুলীয়া-নাচনীৰ অংশগ্ৰহণেৰে উজ্জ্বীৱিত বিদ্যালয় খেলপথাৰ। বিহুগীত আৰু বিহুনাচক বাদ দি অংকন কৰিব নোৱাৰি অসমীয়াৰ মানচিত্ৰ। জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সাদিনীয়াকৈ আয়োজন হোৱা বিহু নাচ আৰু বিহু বাদ্য কৰ্মশালাত উপস্থিত হৈ এই মন্তব্য কৰে শিক্ষক তথা কবি, সাহিত্যিক, নাট্যকাৰ ৰাজুমনি শইকীয়াই। বিগত বছৰৰ দৰে এইবেলিও জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাই সাদিনীয়াকৈ আয়োজন কৰিছে বিহু নাচ আৰু বিহু বাদ্য কৰ্মশালাৰ। মঙলবাৰে কৰ্মশালাৰ শুভ উদ্বোধন কৰে মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দয়াকৃষ্ণ গগৈয়ে। বাপতিসাহোন বিহুটিৰ প্ৰতি বৃহত্তৰ জাগী ভকতগাঁও অঞ্চলত অভিভাৱক তথা প্ৰশিক্ষাৰ্থীসকলৰ আগ্ৰহ দেখি অভিভূত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে শিক্ষা বিষয়াগৰাকীয়ে কৃতজ্ঞতা যাঁচে আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৃন্দলৈ। আনহাতে ভিন্ ভিন্ বয়সৰ ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীক লৈ প্ৰশিক্ষণ আৰম্ভ কৰে মুখ্য প্ৰশিক্ষক বিশ্বজ্যোতি চেতিয়া আৰু মালা ডেকাই। উলেখ্য যে জাগী ভকতগাঁও আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা এই বৰ্ষৰ ৰঙালী বিহু উৎসৱত এই প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ পৰাই বচা বচা বিহুৱাই মুকলি বিহু পৰিৱেশন কৰিব বুলি জানিব পাৰি উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হ’ল প্ৰশিক্ষাৰ্থী আৰু অভিভাৱকসকল।