Local, Vocal, Global

Jagannath’s rath yatra begins:জগন্নাথৰ ৰথ যাত্ৰাত লাখ লাখ ভক্তৰ অংশগ্ৰহণ

নিউজ ডেস্ক,৮ জুলাইঃসুদীৰ্ঘ ৫৩ বছৰৰ পিচত এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে পুৰীত আৰম্ভ হয় জগন্নাথৰ ৰথযাত্ৰা।লাখ লাখ ভক্তৰ উপস্থিতিত জগন্নাথ মন্দিৰৰ সিংহদ্বৰেদি গুণ্ডিচা মন্দিৰৰ দিশে ভগৱান বলভদ্ৰ,ভগৱান জগন্নাথ আৰু দেৱী শুভদ্ৰাৰ তিনিৰথৰ যাত্ৰা আৰম্ভ হয় দেওবাৰে বিয়লি।অৱশ্যে ৰাতি হোৱাৰ বাবে দেওবাৰে স্থগিত ৰখা হয় এই যাত্ৰা,আৰু আজি পুৱা পুনৰ আৰম্ভ হয় এই যাত্ৰা।আজি পুৱা ৰথ নি হাজিৰ কৰোৱা হয় বলভদ্ৰ-জগন্নাথ-সুভদ্ৰাৰ আইতাক দেৱী গুণ্ডিচাৰ মন্দিৰত।আঠ দিনৰ পিচতহে জগন্নাথ মন্দিৰলৈ প্ৰত্যাৱৰ্তন কৰিব তিনি দেৱ দেৱীয়ে।

উল্লেখ্য য়ে ৰথযাত্ৰাত অংশ লয় উড়িষ্যাৰ কন্যা তথা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।(Odisha’s daughter and President Draupadi Murmu takes part in the rath yatra).দেৱী শুভদ্ৰাৰ পদ্মৰথ প্ৰদক্ষিণ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰথযাত্ৰাত অংশ লৈ ৰথ টনাত জড়িত হয়।পৰম্পৰা অনুসৰি প্ৰতিবছৰে আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথিত ভগৱান জগন্নাথ,ভাই বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে আইতাক গুণ্ডিচাৰ ঘৰলৈ যায়।আইতাকৰ ঘৰত সাত দিন থকাৰ পিচত অষ্টম দিনা মূল মন্দিৰলৈ তিনিও প্ৰত্যাৱৰ্তন কৰে।

গুৱাহাটীটো কেইবাটাও ধৰ্মীয় সংগঠনৰ উদ্যোগত উলিওৱা হয় শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা।(Sri Sri Jagannath Rath Yatra is taken out in Guwahati at the initiative of several religious organisations).দেওবাৰে উদ্ধোধনী অনুষ্ঠানত পাঁচ সহস্ৰাধিক ভক্ত উপস্থিত থাকে।অহা ১৪ জুলাইত কাছাৰীস্থিত ৰ’প ৱেৰ কাৰ্যালয়ৰ সমীপত এই যাত্ৰাৰ সামৰণি পৰিব।

লগতে পঢ়কঃ PM Modi’s Visit to Russia: মস্কোত পুটিনেৰে মুখামুখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী