Local, Vocal, Global

Assam CM Visits Over 60 Durga Puja Pandals : মণ্ডপে মণ্ডপে পূজা উপভোগ মুখ্যমন্ত্ৰীৰ; ৪ দিনত মুখ্যমন্ত্রীয়ে ৬০ খনৰো অধিক পূজাস্থলী দৰ্শন কৰে

নিউজ ডেস্ক,১৩অক্টোবৰ : এইবাৰ দুৰ্গা পূজাত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপ দৰ্শন কৰে। ষষ্ঠীৰ পৰাই মুখ্যমন্ত্রীয়ে আৰম্ভ কৰি ৪ দিনত মুখ্যমন্ত্রীয়ে ৬০ খনৰো অধিক পূজাস্থলী দৰ্শন কৰে ।

শনিবাৰে মুখ্যমন্ত্রীয়ে গুৱাহাটী মহানগৰীত ৯ খনকৈ পূজাস্থলী দৰ্শন কৰে।

দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনটোত সাৰ্বজনীন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰীশ্ৰীদুৰ্গা পূজা, ৰাধা-কৃষ্ণ আৱাসিক চৌহদত আয়োজন কৰা সাৰ্বজনীন দুৰ্গা পূজা আৰু গকুল নিৱাস হাউছিং সাৰ্বজনীন দুৰ্গা পূজাৰ উপৰিও কেইবাখনো পূজাস্থলীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মা দুৰ্গাৰ আশিস গ্ৰহণ কৰে(Assam CM Visits Over 60 Durga Puja Pandals)।

পূজা উপভোগ কৰি মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত কয়, “মই অসমবাসী ৰাইজক বিজয়া দশমী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ উৎসৱৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। বিগত দিনকেইটাত একেবাৰে মাজনিশালৈ অসমৰ ৰাইজে দুৰ্গা পূজা উৎসৱ পালন কৰিলে।

আনহাতে আজিৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ উৎসৱ দুদিনীয়াকৈ পালন কৰা হৈছে । এটা উৎসৱমুখৰ পৰিৱেশ । এটাই মাথো অনুৰোধ যাতে বিজয়া দশমীৰ বিসৰ্জন ভালদৰে হয় । বিসৰ্জনস্থলীসমূহ যাতে বিসৰ্জনৰ পাছত সুন্দৰকৈ চাফ-চিকুণকৈ ৰাখো । আনহাতে আমাৰ যি মিলা-প্ৰীতি সেইটো অক্ষুণ্ণ ৰাখো ।”

লগতে পঢ়ক :New BJP govt to be sworn in on Oct 17 : ১৭ অক্টোবৰত হাৰিয়ানাৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান