Local, Vocal, Global

ITBP Jawan Dead in Accident at Arunachal : এক মৰ্মান্তিক দুৰ্ঘটনা, ৩০০ ফুট তলত পৰিল টাটা মোবাইল বাহন

নিউজ ডেস্ক, ৪নৱেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । অৰুণাচলৰ পুটিনত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো(ITBP Jawan Dead in Accident at Arunachal) ।

শনিবাৰে অৰুণাচলৰ পুটিন প্ৰায় ৩০০ ফুট তলত পৰিল টাটা মোবাইল বাহন(ITBP Jawan Loses Life In Road Accident In Putin) ৷

জানিব পৰা মতে, এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাহনখনত আছিল ৩ জনকৈ লোক । তিনিজন আৰোহীৰ সৈতে বাহনখন পৰে দ খাৱৈত । কিমিন-জিৰো-পুটিন পথৰ পৰা ডুব যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ সময়ত টাটা বাহনখনো সম্পূৰ্ণৰূপে ধ্বংস হয়(ITBP Jawan Loses Life In Road Accident In Putin; 2 Civilians Injured) ।

এই শোকাৱহ দুৰ্ঘটনাটোৰ ফলত ভাৰত-তিব্বতী সীমান্ত আৰক্ষীৰ এজন জোৱানে প্ৰাণ হেৰুৱাই লগতে আন দুজন জোৱান গুৰুতৰভাৱে আহত হয় ।

নিহত জোৱানজন আই টি বি পিৰ জোৱান। জোৱানজনৰ নাম লক্ষীনন্দন দেউৰী আৰু ঘৰ লখিমপুৰৰ কৃষ্ণপুৰ দেউৰী গাঁৱত বুলি চিনাক্ত কৰা হৈছে ।

এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত ব্যক্তিদুজনক বৰ্তমান ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়ক : Mallikarjun kharge calls Nitish Kumar : ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰেলীত কংগ্ৰেছৰ মনোভাৱক লৈ অসন্তুষ্টি প্ৰকাশ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ