Local, Vocal, Global

Itakhola Police Seize 59 Cartons of arunachali Liquor : পুনৰ ৰাজ্যত জব্দ অৰুণাচলী সুৰা

নিউজ ডেস্ক, ১৮ মাৰ্চ : পুনৰ ৰাজ্যত জব্দ অৰুণাচলী সুৰা ।

দেওবাৰে ইটাখোলা আৰক্ষীয়ে অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান চলাই । অভিযান জব্দ ৫৯ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা(Itakhola Police Seize 59 Cartons of arunachali Liquor) ।

জানিব পৰা মতে ইটাখোলা আৰক্ষীয়ে অসম-অৰুণাচল সীমান্তৰ মইনাপুৰৰ পৰা সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ চতিয়া আৰক্ষী থানাৰ অধীনৰ ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি অৰুণাচলী সুৰা কঢ়িয়াই অনা AS-12- E -9770 নম্বৰৰ টাটা এছি গাড়ীখনো জব্দ কৰে() ৷

উল্লেখ্য যে, আৰক্ষীক দেখি পথৰ ওপৰতে ৫৯ কাৰ্টুন অবৈধ অৰুণাচলী সুৰাভৰ্ত্তি বাহনখন এৰি চালকজনে পলায়ন কৰিছিল। ধৃত চালকজনৰ সন্ধানত ইটাখোলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Three prisoners escape from Tezpur Central Jail : তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়ন তিনি কয়দীৰ