পথাৰৰ পৰা আহি পূজালৈ যোৱাৰ কথা, কিন্তু উভতি নহা বাটেৰে গুচি গ’ল সুনীল

বিষ্ণু ৰায়ঃ ধুবুৰীৰ জিলাৰ আগনীত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী বৃদ্ধাৰ মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি লোৱা বৃদ্ধাজন আগমনীৰ সুনীল চন্দ্ৰ সেন বুলি জানিব পৰা গৈছে।
আজি দিনৰ ৯ মান বজাত গৰু পথাৰত দি ওভতি অহাৰ সময়ত মাটিত পৰি থকা বৈদ্যুতিক তাৰত ভৰি স্পৰ্শ হোৱাত বাগৰি পৰে।
পিছত সুনীল চন্দ্ৰ সেনক পৰিয়ালৰ লোকে স্থানীয় লোকৰ সহযোগত আগমনী সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰে। আগমনী সমূহীয়া চিকিৎসালয়ৰ চিকিৎসকে সুনীল চন্দ্ৰ সেনক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে, আগমনী বিদ্যুৎ উপ-সংমণ্ডলৰ হেমাহিৰ বাবে সুনীল চন্দ্ৰ সেন অকাল মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপন হৈছে।
বিভাগীয় কৰ্তৃপক্ষক ঘটনাৰ তদন্ত কৰি আগমনী বিদ্যুৎ উপ-সংমণ্ডলৰ চৰকাৰী কৰ্মচাৰীক উচিৎ শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনায়।: