Local, Vocal, Global

Chandrayaan 3 : চন্দ্ৰৰ কক্ষপথত উপনীত হৈয়েই প্ৰথম ভিডিঅ’ প্ৰেৰণ চন্দ্ৰযান -৩ৰ

নেশ্যনেল ডেস্ক, ৭ আগষ্ট : চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছে চন্দ্ৰযান-৩য়ে(Chandrayaan 3) । ভাৰতীয় মহাকাশ আৰু গৱেষণা সংস্থাই (ISRO) চন্দ্ৰটো তাৰ পৰা কেনেকুৱা দেখা যায় আৰু চন্দ্ৰযান-৩য়ে নিজৰ দৃষ্টিৰে চন্দ্ৰক কেনেদৰে দেখিছে সেই ছবি প্ৰেৰণ কৰিছে । ভাৰতীয় মহাকাশ সংস্থাই মুকলি কৰিছে সেই অপৰূপ মুহূৰ্তৰ ভিডিঅ’। ভিডিঅ’টোত চন্দ্ৰটো নীলা-সেউজীয়া ৰঙৰ আৰু বহুতো ক্ৰেটাৰ থকা দেখা গৈছে । দেওবাৰে মাজ নিশা অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়টো বৃহৎ কাৰ্যপন্থাৰ কেইঘণ্টামান পূৰ্বে এই ভিডিঅ’টো মুকলি কৰা হৈছে ।

শনিবাৰে ভাৰতৰ চন্দ্ৰযান চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰে। অৰ্থাত্‍ ইতিমধ্যে যাত্ৰাৰ দুই তৃতীয়াংশ পাৰ হৈ গৈছে। ইছৰোৱে জনাইছে যে অহা ডেৰ-দুসপ্তাহ অতি গুৰুত্বপূৰ্ণ হ’ব । সকলো ঠিকে থাকিলে ২৩ আগষ্টৰ সন্ধিয়া ৫:৪৩ বজাত (ভাৰত সময় অনুসৰি) চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযান-৩য়ে । সেই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছে কোটি কোটি ভাৰতীয়ই। চাৰি বছৰ পূৰ্বে যি পৰ্যায়ত সপোন ভাঙি পৰিছিল, সেই পৰ্যায় অতিক্ৰমি চন্দ্ৰত অৱতৰণৰ মুহূৰ্তৰ সাক্ষী হ’বলৈ সমগ্ৰ দেশে আগ্ৰহেৰে বাট চাই আছে।

শনিবাৰে সন্ধিয়া প্ৰায় সাত বজাত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ পিছত ভাৰতীয় মহাকাশ সংস্থালৈ প্ৰেৰণ কৰা প্ৰথমটো বাৰ্তাত চন্দ্ৰযান-৩-য়ে জনায়, ‘মই চন্দ্ৰৰ আকৰ্ষণ অনুভৱ কৰিছো।’ ইছৰোৰ সপোনৰ অভিযান চন্দ্ৰযান-৩ এতিয়ালৈ সম্পূৰ্ণ ‘সুস্থ’। এই অভিযানত খৰচ হৈছে মাত্ৰ ৬০০ কোটি টকা।

উল্লেখ্য যে এই অভিযান সফল হ’লে ভাৰত চন্দ্ৰত অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব। কিন্তু এতিয়ালৈকে চন্দ্ৰত ভৰি দিয়া তিনিওখন দেশে চন্দ্ৰৰ নিৰক্ষৰেখাৰ ওচৰত অৱতৰণ কৰিছে । তিনিখন দেশ ক্ৰমে আমেৰিকা, পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু চীন । তাতে ইছৰোৱে চীনৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ লক্ষ্য লৈছে । এই অভিযান সফল হ’লে ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব ।

লগতে পঢ়ক : CM press conference: ১৫ আগষ্ট উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল