Aditya-L1 : Aditya-L1 য়ে ল’লে ছেলফি; পৃথিৱী আৰু চন্দ্ৰৰ ফটো তুলি ইছৰোলৈ প্ৰেৰণ

নেশ্যনেল ডেস্ক, ৭ছেপ্টেম্বৰ : সূৰ্য অন্বেষণৰ বাবে যোৱা আদিত্য এল-১ য়ে মহাকাশত ল’লে ছেলফি(Isro Aditya L1 solar mission takes a selfie images of Earth Moon) ।
গৱেষণাৰ বাবে শ্ৰীহৰিকোটাৰ পৰা থলুৱাভাৱে নিৰ্মিত সৌৰযান ‘আদিত্য এল-১’সফলতাৰে উতক্ষেপন কৰা হৈছে । আদিত্য এল-১’ ইতিমধ্যে নিজৰ কাম আৰম্ভ কৰিছে । বৃহস্পতিবাৰে সৌৰযানখনে তুলিছে ছেলফি । লগতে চন্দ্ৰ আৰু পৃথিৱীৰ ছবিও তুলি পঠিয়াইছে (Aditya-L)।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বৃহস্পতিবাৰে আদিত্য এল-১ য়ে কেমেৰাৰ দ্বাৰা লোৱা পৃথিৱী আৰু চন্দ্ৰৰ চেলফি আৰু ফটো মুকলি কৰিছে ।
বেংগালুৰুৰ মুখ্য কাৰ্যালয়ৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাটোৱে এক্স( পূৰ্বৰ টুইটাৰ)ত লিখিছে, “সূৰ্য-পৃথিৱী এল ১ পইণ্টৰ বাবে নিৰ্ধাৰিত আদিত্য এল-১য়ে পৃথিৱী আৰু চন্দ্ৰৰ চেলফি আৰু ফটো লৈছে(Aditya L1 camera takes a selfie images of Earth Moon) ।”
ফটোবোৰত ভিইএলচি (দৃশ্যমান নিৰ্গমন ৰেখা কৰোনাগ্ৰাফ) আৰু চুইট (সৌৰ অতিবেঙুনীয়া ইমেজাৰ) সঁজুলিবোৰ দেখুওৱা হৈছে । আদিত্য এল-১ৰ কেমেৰাই ৪ ছেপ্টেম্বৰত এই ফটোবোৰ লৈছিল । ইছৰোৱে সেই পৃথিৱী আৰু চন্দ্ৰৰ ফটোবোৰ শ্বেয়াৰ কৰিছে । ৩ ছেপ্টেম্বৰত ইছৰোৱে জনাইছিল যে আদিত্য ১ অভিযানৰ উপগ্ৰহটোৰ অৱস্থা সুস্থিৰ আৰু সুন্দৰভাৱে কাম কৰি আছে ।
আনহাতে আদিত্য এল-১ মহাকাশযানক ২৩৫x১৯,৫০০ কিলোমিটাৰ উপবৃত্তাকাৰ কক্ষপথত সুমুৱাই দিয়া হৈছে যিটো পিএছএলভিৰ দ্বাৰা অতি সঠিকভাৱে কৰা হৈছে(Aditya L1 takes a selfie and images of Earth and Moon) ।
উল্লেখ্য যে যোৱা ২ ছেপ্টেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে সফলতাৰে আদিত্য এল-১ উৎক্ষেপণ কৰিছিল । ৩ ছেপ্টেম্বৰত সৌৰ যানখনে প্ৰথমবাৰৰ বাবে কক্ষপথ সলনি কৰে । আৰু ১০ ছেপ্টেম্বৰত তৃতীয়বাৰৰ বাবে কক্ষপথ সলনি কৰিব । এনেদৰে পাঁচবাৰ কক্ষপথ সলনি কৰাৰ পিছত আহিব সেই মুহূৰ্তটো।
দেশৰ তৃতীয় চন্দ্ৰ অভিযানৰ সফলতাৰ পাছতে আদিত্য এল-১ অভিযানকলৈও আশা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আদিত্য এল-১ৰ সফলতাৰ বাবে ইছৰোক অভিনন্দন জনাইছে ।