Israel-Hamas war Day 57 : এসপ্তাহজোৰা যুদ্ধবিৰতি অন্তৰ পিছতে পুনৰ আৰম্ভ যুদ্ধৰ
ইণ্টাৰনেশ্যনেল ডেস্ক, ২ ডিচেম্বৰ : সমাপ্ত যুদ্ধবিৰতি । শুকুৰবাৰে অন্ত পৰিল সপ্তাহজোৰা যুদ্ধবিৰতিৰ । যুদ্ধবিৰতিৰ সময় উকলি যোৱাৰ পিছতে পুনৰ আৰম্ভ হয় যুদ্ধৰ(Israel-Hamas war Day 57) ।
ইজৰাইল আৰু হামাছৰ মাজত এসপ্তাহজোৰা যুদ্ধবিৰতি চুক্তিৰ অন্ত পৰাৰ পিছত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ঘৰ-দুৱাৰ আৰু অট্টালিকা আক্ৰমণ কৰে । এই আক্ৰমণত প্ৰথম ঘণ্টাত সমগ্ৰ গাজা ষ্ট্ৰিপত কমেও ১৭৮ জন লোকৰ মৃত্যু হয়। গাজাত উগ্ৰপন্থীয়ে ইজৰাইলৰ ওপৰত পুনৰ ৰকেট নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে আৰু ইজৰাইল আৰু হিজবুল্লাহ উগ্ৰপন্থীৰ মাজত যুদ্ধ আৰম্ভ হয়। ইজৰাইলে কয় যে হামাছৰ ২০০ৰো অধিক লক্ষ্যত আঘাত হানিছে(Israeli strikes kill over 178 people in Gaza after ceasefire ends )।
হামাছ নিয়ন্ত্ৰণাধীন স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, যুদ্ধ বিৰতিৰ অন্তৰ পিছতে প্ৰথম ঘণ্টাৰ যুদ্ধত সমগ্ৰ গাজা ষ্ট্ৰিপত ইজৰাইলৰ আক্ৰমণত কমেও ১৭৮ জন লোক নিহত হৈছে । আনহাতে, ইজৰাইলে দাবী কৰিছে যে দুই শতাধিক হামাছৰ ঠিকনাত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ।
ইফালে ইজৰাইলক প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে হামাছে । গাজাস্থিত সন্ত্ৰাসবাদীয়ে ইজৰাইললৈ পুনৰ ৰকেট নিক্ষেপ আৰম্ভ কৰে ।
উল্লেখ্য যে ইজৰাইলে ইয়াৰ পূৰ্বে গাজাত বেছিভাগ সামৰিক কাৰ্যকলাপ স্থগিত ৰাখিছিল আৰু হামাছৰ হাতত বন্দী হৈ থকা শতাধিক বন্দীক মুক্তি দিয়াৰ বিনিময়ত ৩০০ পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়ে । ইজৰাইলে লগতে কয় যে ১১৫ গৰাকী পুৰুষ, ২০ গৰাকী মহিলা আৰু দুটা শিশু এতিয়াও বন্দী হৈ আছে(Israeli strikes kill over 178 people in Gaza after ceasefire ends ) ।
বিগত কেইবা সপ্তাহ ধৰি চলা ইজৰাইলৰ বোমাবর্ষণ আৰু স্থল অভিযানত গাজাৰ ২.৩ নিযুত বাসিন্দাৰ তিনি-চতুৰ্থাংশতকৈও অধিক লোক গৃহহীন হৈ পৰিছে । ইয়াৰ ফলত চৰম মানৱীয় সংকটৰ সৃষ্টি হৈছে । খাদ্য, পানী আৰু অন্যান্য সামগ্ৰীৰ ব্যাপক অভাৱ হৈছে ।
হামাছশাসিত গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যুদ্ধবিৰতি আৰম্ভ হোৱালৈকে ১৩,৩০০ তকৈও অধিক পেলেষ্টাইনী নিহত হৈছে । ইয়াৰে ভিতৰত প্ৰায় দুই-তৃতীয়াংশ মহিলা আৰু শিশু । অৱশ্যে এই হতাহতৰ সংখ্যা ইয়াতকৈ বহুত বেছি হোৱাৰ সম্ভাৱনা আছে । আনহাতে, প্ৰায় ১,২০০ গৰাকী ইজৰাইলী নিহত হৈছে । তেওঁলোকৰ বেছিভাগ হামাছে ৭ অক্টোবৰত কৰা ইজৰাইলৰ ওপৰত আক্ৰমণত নিহত হৈছে, যাৰ ফলত এই যুদ্ধৰ সূচনা হয় ।
ইফালে ইয়াৰে এদিন পূৰ্বে আমেৰিকাৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ইজৰাইলৰ বিষয়াসকলক পেলেষ্টাইনী নাগৰিকসকলক সুৰক্ষা দিবলৈ আৰু অধিক কাম কৰিবলৈ আহ্বান জনায় । হামাছক ধ্বংস কৰাৰ বাবে ইজৰাইলৰ আগ্ৰাসী মনোভাবৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই এই আহ্বান জনায় । অৱশ্যে ইজৰাইলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সহযোগী আমেৰিকাৰ এই আবেদনত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে কিমান গুৰুত্ব দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।
লগতে পঢ়ক : Israel-Hamas war: হামাছে মুকলি কৰি দিলে যুদ্ধবন্দী ১০ ইজৰাইলীৰ লগতে ৪ থাই নাগৰিকক