Local, Vocal, Global

Israeli Airstrikes Kill Dozens More Palestinian : ইজৰাইলৰ গাজাত বিমান আক্ৰমণ;নিহত ৪৫ পেলেষ্টাইনী

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ডিচেম্বৰ : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।

বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ ৷ অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণ-প্ৰত্যাক্ৰমণ মাজতে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে(Israeli airstrikes kill dozens more Palestinians across the Gaza Strip)।

ইজৰাইল আৰু হামাজৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ মাজতে ইজৰাইলী সেনাই গাজাৰ উত্তৰৰ অন্তিমখন কাৰ্যকৰী চিকিৎসালয়ত তালাচী অভিযান চলাই । ইজৰাইলী সেনাৰ এই অভিযানত কৰ্মচাৰীসকলক আটক কৰে ।

আনহাতে,এই অভিযানৰ সময়ত মঙলবাৰে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে সৈন্যবাহিনীয়ে হামাছ সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ কাম কৰি আছে ।

প্ৰাপ্ত তথ্য অনুসৰি , মঙলবাৰে ইজৰাইলে দক্ষিণ গাজাৰ চহৰসমূহত বিমান আক্ৰমণ কৰে । এই আক্ৰমণত কমেও ৪৫ পেলেষ্টাইনী নিহত হয় বুলি জানিব পৰা গৈছে । ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে সতৰ্ক কৰি দিছে যে গাজাৰ দক্ষিণত অভিযান কেইবা মাহ ধৰি চলি থাকিব ।লগতে প্ৰতিৰক্ষা মন্ত্ৰী গেলেণ্টে কয় যে ইজৰাইলী বাহিনীয়ে অঞ্চলটোৰ পৰা সন্ত্ৰাসবাদীসকলক সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ অংশ হিচাপে উত্তৰ গাজাত হামাছৰ সুৰংগ নেটৱৰ্কত প্ৰৱেশ কৰি আছে(Israeli Airstrikes Kill Dozens More Palestinian) ।

উল্লেখ্য যে গাজা চহৰকে ধৰি অতি ঘন বসতিপূৰ্ণ নগৰীয়া অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ যুদ্ধ দেখা গৈছে । তাৰ মাজতে পেলেষ্টাইনী স্বাস্থ্য বিষয়াসকলে শেহতীয়া দিনবোৰত বোমাবর্ষণত শ শ লোক নিহত হোৱাৰ কথা প্ৰকাশ কৰিছে ।

আনহাতে, ইজৰাইলী সেনাই উত্তৰৰ কেইবাখনো চিকিৎসালয় আৰু আশ্ৰয়স্থলত অভিযান চলাইছে । সন্ত্ৰাসবাদীৰ সন্ধান উলিয়াবলৈ স্থানীয় লোকসকলক আটক কৰিছে আৰু তাত আশ্ৰয় লোৱা আনসকলক উলিয়াই দিছে । গেলেণ্টে কয় যে দক্ষিণ গাজাত এই অভিযানত কেইবা মাহ সময় লাগিব । ইয়াৰ ভিতৰত আছে অঞ্চলটোৰ দ্বিতীয় বৃহত্তম চহৰ খান ইউনুছৰ ওপৰত সামৰিক বাহিনীৰ আক্ৰমণ । তেওঁ কয় যে লক্ষ্যত উপনীত নোহোৱালৈকে তেওঁলোক থমকি নৰয় ।

লগতে পঢ়ক :10 Dead in Tamil Nadu Rain Fury : বৰষুণ আৰু বানে ভংয়কৰ ৰূপ লৈছে তামিলনাডুৰ বিভিন্ন প্ৰান্তত