Local, Vocal, Global

Israeli airstrike kills USAID contractor in Gaza : বৰ্তমানেও অব্যাহত আছে ইজৰাইল-হামাছৰ যুদ্ধৰ বিভীষিকা

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ : অব্যাহত আছে ইজৰাইল হামাজৰ যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।

বৰ্তমানেও অব্যাহত আছে ইজৰাইল-হামাছৰ যুদ্ধৰ বিভীষিকা ৷

শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি অনুসৰি, নৱেম্বৰ মাহত ইজৰাইলে গাজাত চলোৱা বিমান আক্ৰমণত আমেৰিকাৰ এজন ঠিকাদাৰ নিহত হয় । খবৰ অনুসৰি নিহত আমেৰিকাৰ ঠিকাদাৰজন গাজাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উন্নয়ন সংস্থাৰ হৈ কাম কৰি আছিল(Israeli airstrike kills USAID contractor in Gaza) ৷

ঘটনা সন্দৰ্ভত নিহত ঠিকাদাৰজনৰ সহকৰ্মীসকলে এক বিবৃতিৰ জৰিয়তে কয় যে, চলিত বৰ্ষৰ নৱেম্বৰ মাহত ইজৰাইলে গাজাত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাৰ এজন ঠিকাদাৰ নিহত হৈছে । নিহত ঠিকাদাৰজনৰ নাম হানি জেনানা (৩৩ বছৰীয়া) বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ এগৰাকী ইণ্টাৰনেট প্ৰযুক্তিত কৰ্মী হিচাপে কৰ্মৰত আছিল(Israeli airstrike killed a USAID contractor in Gaza, colleagues say) ৷

উক্ত ঘটনাৰ পাচতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানৱতাবাদী গোট গ্লোবেল কমিউনিটিজে কয় যে, ৩৩ বছৰীয়া হানি জেনানা নামৰ লোকজনক তেওঁৰ পৰিয়ালৰ সৈতে গাজা চহৰৰ চুবুৰীয়া অঞ্চলৰ পৰা বিমান আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পলায়ন কৰিছিল ৷ তেনে সময়তে ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত গাজাত নিহত হৈছিল হানি(Israeli airstrike kills USAID contractor in Gaza) ৷

লগতে পঢ়ক : PM Modi to inaugurate Surat Diamond Bourse : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সৰ্ববৃহৎ হীৰা আৰু গহনা ব্যৱসায়ৰ কেন্দ্ৰ ছুৰাট ডায়মণ্ড ব’ৰ্ছ