Local, Vocal, Global

Israel-Hamas war : হামাছক আক্ৰমণ কৰাৰ প্ৰস্তুতি ইজৰাইলৰ ; পূৰ্বতকৈ অধিক শক্তিশালী হ’ব এই আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ : প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য ,হামাছৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিজৰ সকলো ক্ষমতা ব্যৱহাৰ কৰিব ইজৰাইলে(“We will operate in maximum force”) ৷

উল্লেখ্য যে, ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ অন্ত পৰাৰ পিছত পুনৰ শত্ৰুতা আৰম্ভ হোৱাৰ সময়তে ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে হামাছৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিজৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰিব বুলি দৃঢ়তাৰে কয়(Israel-Hamas war) ৷

ইয়াৰোপৰি, দেশখনে সাতদিনীয়া যুদ্ধ বিৰতি যুদ্ধৰ ‘প্ৰস্তুতি বৃদ্ধি’ কৰিবলৈহে জাৰি কৰিছিল বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে(Israel-Hamas war) ।

প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কয়, “আমি উত্তৰ গাজাত তেওঁলোকৰ বিৰুদ্ধে অভিযান চলালো । আমি এতিয়া দক্ষিণ গাজাতো হামাছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছো ৷ আমি হামাছৰ সন্ত্ৰাসবাদী কাৰ্য-কলাপ আৰু আন্তঃগাঁথনিৰ বিৰুদ্ধে সৰ্বাধিক শক্তি প্ৰয়োগ কৰিম আৰু লগতে হামাছে তেওঁলোকৰ চাৰিওফালে ঢাল হিচাপে ৰখা সাধাৰণ নাগৰিকৰ ক্ষতি কমকৈ কৰিম । আমাৰ বাহিনীয়ে সাত দিনৰ বিৰতিৰ সময়ত যুদ্ধজনিত প্ৰস্তুতি বৃদ্ধি, চোৰাংচোৱা তথ্য পৰ্যালোচনা আৰু কাৰ্যকৰী পদ্ধতি আদি নিৰীক্ষণ কৰিছিল । আমি এই নতুন পৰ্যায়ৰ যুদ্ধৰ বাবে শিকি অহা শিক্ষা ৰূপায়ণ কৰিছো আৰু স্থলভাগত আমাৰ অভিযানৰ দক্ষতা আৰু নিখুঁততা উন্নত কৰিছো ।”1 ডিচেম্বৰত যুদ্ধবিৰতিৰ অন্ত পৰিছিল ৷ সন্ত্ৰাসবাদী সংগঠন হামাছে পণবন্দীসকলক মুকলি কৰি দিয়াৰ চুক্তি ভংগ কৰি যুদ্ধ বাছি লৈছিল বুলি হাগাৰীয়ে কয়(Israel warns as truce with Hamas reaches ‘dead end’) ।

হাগাৰীয়ে কয়, “আমি হামাছৰ বিৰুদ্ধে আমাৰ যুদ্ধৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছো । হামাছে মহিলা, শিশু আৰু কেঁচুৱাক মুকলি কৰি দিবলৈ অস্বীকাৰ কৰি পণবন্দী মুক্তিৰ চুক্তি উলংঘা কৰিছিল ৷ 1 ডিচেম্বৰত পণবন্দী মুক্তিৰ চুক্তি ভংগ কৰাৰ সময়ত হামাছে যুদ্ধ বাছি লৈছিল ।”

লগতে পঢ়ক : Fire Accident : যাত্ৰীবাহী চলন্ত বাছত অগ্নিকাণ্ড;জীৱন্ত অগ্নিদগ্ধ এজন ব্যক্তি