Local, Vocal, Global

Israel-Hamas War : ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ অব্যাহত, হামাছৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ যুদ্ধৰ বাবে সাজু ইজৰাইল

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯অক্টোবৰ : অব্যাহত আছে ইজৰাইল হামাজৰ বিশ্ব কঁপাই যোৱা যুদ্ধা । ইজৰাইল হামাজৰ যুদ্ধাই ২৩দিনত ভৰি দিছে (Israel-Hamas War)। ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধয়ে বিধ্বংসী ৰূপ লৈছে(Israel stepping up attacks on Gaza)।

উল্লেখ্য যে, ৭ অক্টোবৰৰ হামাছৰ ভয়ংকৰ আক্ৰমণৰ পাছতে সকীয়নি প্ৰদান কৰিছিল ইজৰাইলে । ইজৰাইলে কেৱল সকীয়নিয়ে নহয়, ইজৰাইলে হামাছৰ বিৰুদ্ধে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণো অব্যাহত ৰাখিছে ।

ইতিমধ্যে গাজা ষ্ট্ৰিপত ইজৰাইলে স্থল আক্ৰমণ আৰম্ভ কৰিছে । ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে কোৱা মতে গাজা ষ্ট্ৰিপত শুকুৰবাৰে নিশা স্থল অভিযানত সেনা আৰু হামাছ সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হৈছে ।

এইবাৰ হামাছৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ আক্ৰমণ আৰম্ভ কৰিছে ইজৰাইলে । শনিবাৰে নিশা যুদ্ধ সম্প্ৰসাৰণৰ ঘোষণা কৰে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । প্ৰধানমন্ত্ৰীগৰাকীৰ মতে ইতিমধ্যে ইজৰাইলে গাজালৈ স্থল বাহিনী প্ৰেৰণ কৰিছে । লগতে হামাছৰ বিৰুদ্ধে স্থল, বায়ু আৰু সাগৰৰ পৰাও আক্ৰমণ আৰম্ভ কৰিছে ।

ইজৰাইলৰ এই আক্ৰমণৰ প্ৰস্তুতিয়ে গাজাৰ বাসিন্দাসকলে যুদ্ধক লৈ ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিছে । ইজৰাইলৰ বোমাবর্ষণে গাজাৰ বেছিভাগ অঞ্চলত যোগাযোগ বিচ্ছিন্ন কৰিছে । যোগাযোগৰ অভাৱত আৱদ্ধ হৈ থকা ২.৩ নিযুত লোক বিশ্বৰ পৰা বিচ্ছিন্ন হৈ পৰিছে(Netanyahu says the Gaza war has entered a new stage and will be ‘long and difficult’) ।

আনহাতে ইজৰাইলী সামৰিক বাহিনীয়ে যুঁজৰ নতুন পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে । ইয়াৰ মাজতে শনিবাৰে সামৰিক বাহিনীয়ে বিশেষ ফটো মুকলি কৰে । য’ত গাজাৰ মুকলি এলেকাবোৰত টেংকাৰবোৰ লাহে লাহে চলাচল কৰা দেখা গৈছে । সামৰিক বাহিনীয়ে দাবী কৰা মতে সীমান্তত যুদ্ধবিমানে হামাছৰ বহু সুৰংগ আৰু বাংকাৰত বোমা নিক্ষেপ কৰিছে ।

ইফালে নেতানিয়াহুৱে ৰাষ্ট্ৰীয় টেলিভিছনত প্ৰচাৰিত সংবাদ সন্মিলনত কয় যে ইজৰাইলে সকলো বন্দীক ঘূৰাই আনিবলৈ সংকল্পবদ্ধ । বিস্তাৰিত স্থল অভিযানে ইজৰাইলক এই ক্ষেত্ৰত সহায় কৰিব বুলিও তেওঁ আশাবাদী । তেওঁ কয় যে সংবেদনশীলতা আৰু গোপনীয়তাৰ বাবে সকলোবোৰ তথ্য প্ৰকাশ কৰিব নোৱাৰি । তেওঁৰ মতে যুদ্ধৰ দ্বিতীয় পৰ্যায়ৰ উদ্দেশ্য হৈছে হামাছৰ সামৰিক আৰু চৰকাৰী সামৰ্থ ধ্বংস কৰা আৰু বন্দীসকলক ঘৰলৈ অনা(Netanyahu says the Gaza war has entered a new stage and will be ‘long and difficult’) ।

গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে যুদ্ধ আৰম্ভ হোৱাৰ ৩ সপ্তাহৰ ভিতৰত গাজাত পেলেস্তাইনীসকলৰ মৃত্যুৰ সংখ্যা ৭,৭০০ তকৈও অধিক হৈছে । নিহতসকলৰ বেছিভাগেই মহিলা আৰু শিশু বুলিও মন্ত্ৰালয়ে দাবী কৰে।

লগতে পঢ়ক :Israeli Troops Hit 150 Underground Hamas Sites in Gaza : গাজা ষ্ট্ৰিপত ইজৰাইলৰ স্থল আক্ৰমণ