Israel-Hamas War : অব্যাহত আছে ইজৰাইল আৰু পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩অক্টোবৰ : ইজৰাইল সাজু । ইজৰাইল সাজু হৈছে স্থল আক্ৰমণৰ বাবে (Israel-Hamas War)। অব্যাহত আছে ইজৰাইল আৰু পেলেসষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধয়ে বিধ্বংসী ৰূপ লৈছে(Israel stepping up attacks on Gaza)।
উল্লেখ্য যে, ৭ অক্টোবৰৰ হামাছৰ ভয়ংকৰ আক্ৰমণৰ পাছতে সকীয়নি প্ৰদান কৰিছে ইজৰাইলে । ইজৰাইলে কেৱল সকীয়নিয়ে নহয়, ইজৰাইলে হামাছৰ বিৰুদ্ধে গাজা ষ্ট্ৰিপত বিমান আক্ৰমণো অব্যাহত ৰাখিছে ।
হামাছৰ ভয়ংকৰ আক্ৰমণৰ পাছতে ইজৰাইলী যুদ্ধ বিমানে গাজা ষ্ট্ৰিপৰ লগতে ছিৰিয়াৰ দুটাকৈ বিমানবন্দৰ আৰু মছজিদত আক্ৰমণ কৰে । ইজৰাইলৰ সামৰিক মুখপাত্ৰই কোৱা অনুসৰি ইজৰাইলে আক্ৰমণ বৃদ্ধি কৰিছে । লগতে স্থল আক্ৰমণৰ আশংকাও বৃদ্ধি পাইছে ।
ইফালে ইজৰাইলৰ আসন্ন স্থল আক্ৰমণৰ ভাবুকি দিয়াৰ পিছতে দুয়োপক্ষৰ বাবে যোৱা ৫ টা গাজা যুদ্ধৰ ভিতৰত ই আটাইতকৈ ভয়ংকৰ হিচাপে পৰিগণিত হৈছে ।
পেলেস্তাইনী স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে কয় যে, গাজাত এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৪,৬৫১ লৈ বৃদ্ধি পাইছে লগতে আন আন আৱদ্ধ অঞ্চলত ১৪,২৫৪ৰো অধিক লোক আহত হৈছে ।
স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে ৭ অক্টোবৰত হামাছ সন্ত্ৰাসবাদীয়ে ইজৰাইলত প্ৰৱেশ কৰাৰ পাছত অধিকৃত পশ্চিম তীৰত হিংসা আৰু ইজৰাইলৰ অভিযানত ৯৩ গৰাকী পেলেস্তাইনীও নিহত হৈছে । য’ত ১,৬৫০ ৰো অধিক লোক আহত হৈছে । ইফালে ইজৰাইলত ১,৪০০ৰো অধিক লোক নিহত হৈছে । তাৰ বেছিভাগ হামাছৰ প্ৰাৰম্ভিক আক্ৰমণত নিহত হৈছে ।
ইয়াৰ উপৰিও, আক্ৰমণৰ সময়ত হামাছে ২০৩ গৰাকী লোকক বন্দী কৰিছিল আৰু গাজালৈ লৈ যোৱা হৈছিল বুলি ইজৰাইলী সামৰিক বাহিনীয়ে দাবী কৰিছিল(Israeli forces clash with Hamas terrorists inside Gaza) ।
লগতে পঢ়ক : Israel attacks Damascus : ছিৰিয়াত আক্ৰমণ ইজৰাইলৰ