Israel-Hamas war: হামাছে মুকলি কৰি দিয়ে ১৩ গৰাকী ইজৰাইলীক, বিনিময়ত ইজৰাইলে মুকলি কৰি দিয়ে ৩৯ গৰাকী পেলেষ্টাইনীক
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ : চাৰি দিনীয়া যুদ্ধবিৰতি ইজৰাইল আৰু হামাছৰ । শুকুৰবাৰ পুৱাৰে পৰা আৰম্ভ হৈছে ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি(Israel-Hamas war) ।
মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে গাজাৰ যুদ্ধবিৰতি চাৰিদিনতকৈও অধিক হ’ব বুলি আশা প্ৰকাশ কৰিছে । লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে যুদ্ধবিৰতি সন্দৰ্ভত কয় যে সামৰিক সাহায্যৰ চৰ্ত ৰখাটো “এটা গুৰুত্বপূৰ্ণ চিন্তা” ৷
ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি অব্যাহত থকাৰ মাজেত হামাজে মুকলি কৰি দিয়ে ১৩ গৰাকী ইজৰাইলী আৰু ৪ গৰাকী বিদেশীক । ইয়াৰে বিনিময়ত দেওবাৰে ইজৰাইলে ৩৯ গৰাকী পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়ে ।
উল্লেখ্য যে, যুদ্ধবিৰতি চুক্তি অনুসৰি ইজৰাইল আৰু হামাছ কৰ্তৃপক্ষই বন্দীসকলক মুকলি কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে । যুদ্ধবিৰতি চুক্তিৰ অধীনত দ্বিতীয় পৰ্যায়ত হামাছে ১৩ গৰাকী ইজৰাইলী আৰু ৪ গৰাকী বিদেশীক মুকলি কৰি দিয়াৰ বিনিময়ত ইজৰাইলে দেওবাৰে ৩৯ গৰাকী পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়ে । হামাছে প্ৰথমে এই বিনিময় প্ৰক্ৰিয়াত কেইবা ঘণ্টাৰ বাবে বিলম্ব কৰিছিল আৰু দাবী কৰিছিল যে ইজৰাইলে যুদ্ধবিৰতি চুক্তিৰ চৰ্তাৱলী উলংঘা কৰিছে(Israel releases 39 Palestinian prisoners as Hamas frees 17 hostages in latest stage of ceasefire deal) ।
ইফালে দেওবাৰে পুৱতি নিশা ৱেষ্ট বেংকত উপস্থিত হয় ইজৰাইলে মুকলি কৰা প্ৰায় ৩ ডজন পেলেষ্টাইনী বন্দীক লৈ এখন বাছ। পেলেষ্টাইনী বন্দীক লৈ বাছখন আল বিৰেহত উপস্থিত হোৱাৰ লগে লগে শ শ লোকে ৰেডক্ৰছ বাছখনৰ আন্তৰ্জাতিক সমিতিক শুভেচ্ছা জনায়(17 hostages and 39 prisoners released) ।
বন্দীসকলক মুকলি কৰাৰ বাবে বন্দীসকলৰ পৰিয়ালৰ সদস্যসকলকো আনন্দিত আত্মহাৰা হৈ পৰে। দীৰ্ঘদিনে বন্দী হৈ থকা পৰিয়ালৰ সদস্যক ওপৰত পাই আনন্দিত হৈছে লোকসকল । ঘৰত উপস্থিত হোৱাৰ লগে লগে পৰিয়ালৰ সদস্যসকলে তেওঁলোকক সাৱটি ধৰি আদৰণি জনোৱা দেখা গৈছে ।
আনহাতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে ঘোষণা কৰে যে হামাছে শনিবাৰে মুকলি কৰা ইজৰাইলী বন্দীসকলৰ ভিতৰত ৭ টা শিশু আৰু ৬ গৰাকী মহিলা আছিল । শিশুকেইটাৰ বয়স ৩ ৰ পৰা ১৬ বছৰৰ ভিতৰত আছিল আৰু মহিলাসকলৰ বয়স ১৮ ৰ পৰা ৬৭ বছৰৰ ভিতৰত আছিল ।
লগতে পঢ়ক : Israel-Hamas war : গাজাৰ যুদ্ধবিৰতি চাৰিদিনতকৈও অধিক হ’ব বুলি আশা প্ৰকাশ মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ