Local, Vocal, Global

Israel Palestine conflict : হামাছে পণবন্দী কৰি ৰখাসকলক বিনা চৰ্তে মুকলি কৰি দিবলৈ আহ্বান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে হামাছক কোনো ধৰণৰ চৰ্ত নাৰাখি পণবন্দীসকলক মুকলি কৰি দিবলৈ আহ্বান জনাই(Israel Palestine conflict)।

ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’গুটিয়েৰেছে X যোগে মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত আগবঢ়ায় মানৱীয় আবেদন ৷

ৰাষ্ট্ৰসংঘৰ সচিব গৰাকীয়ে এক্সত পোষ্ট কৰে যে যিহেতু আমি মধ্যপ্ৰাচ্যৰ অগাধৰ সীমাত উপনীত হৈছো, সেয়েহে মোৰ দুটা মানৱীয় আবেদন আছে, হামাছৰ প্ৰতি পণবন্দীসকলক বিনা চৰ্তত মুকলি কৰি দিব দিবলৈ হামাছলৈ আহ্বান । তেওঁ লগতে গাজাৰ সাধাৰণ নাগৰিকৰ স্বাৰ্থত মানৱীয় দৃষ্টিৰে দ্ৰুত আৰু বাধাহীন প্ৰৱেশৰ অনুমতি দিবলৈ ইজৰাইললৈ আহ্বান জনায়(UN chief Guterres calls on Hamas to immediately release hostages without conditions) ।

উল্লেখ্য যে,ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিৱেশৰ । পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । সংঘাতজৰ্জৰ এই পৰিস্থিতিত পানী, বিদ্যুতকে ধৰি বিভিন্ন মৌলিক অভাৱত ভুগিবলগীয়া হৈছে গাজাবাসী(Release hostages UN chief Guterres two humanitarian appeals to Hamas) ৷

শেহতীয়া তথ্য অনুসৰি দুয়োখন দেশৰ মাজত সৃষ্টি হোৱা এই সংঘাতৰ ফলত ১৩০০ৰো অধিক লোক নিহত হোৱাৰ লগতে ৩৬০০ৰো অধিক লোক আহত হয় বুলি দ্য জেৰুজালেম পোষ্টৰ জড়িয়তে প্ৰকাশ কৰে ।

প্ৰতিৰক্ষা মন্ত্ৰী গেলেণ্টে কয় যে অনুমান অনুসৰি গাজা ষ্ট্ৰিপত হামাছে ১৫০-২০০ ইজৰাইলীক পণবন্দী কৰি ৰাখিছে ৷ জটিল পৰিস্থিতি অব্যাহত থকাৰ পিচতো তেওঁলোকে পণবন্দীসকলৰ স্থান নিৰ্ণয় কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

ইজৰাইলে হামাছৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ সময়তে দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয়, “হামাছে ইজৰাইল ধ্বংস কৰি দিম বুলি ভাবিছিল, কিন্তু “আমি হামাছক শেষ কৰি দিম” । তেওঁ লগতে কয়, “আমি এটা দল হিচাপে, ঐক্যৱদ্ধ গোট হিচাপে ২৪ ঘণ্টাই কাম কৰি আছো । তেওঁ লগতে কয়, ‘আমাৰ ঐক্যই জনসাধাৰণ, শত্ৰু আৰু বিশ্বলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে ।”

লগতে পঢ়ক : Drugs seized in poll bound Mizoram : মিজোৰামত জব্দ ১২.১২ কোটি টকাৰ ড্ৰাগছ