Local, Vocal, Global

Israel Hamas War : ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ;ফোনযোগে বাৰ্তালাপ দুয়োগৰাকী নেতাৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৯অক্টোবৰ : ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ সৈতে বাৰ্তালাপ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । ফোনযোগে বাৰ্তালাপ দুয়োগৰাকী নেতাৰ । আলোচনা কৰে বিভিন্ন বিষয়ত(Israel Hamas War) ।

অব্যাহত আছে ইজৰাইল হামাজৰ বিশ্ব কঁপাই যোৱা যুদ্ধ । ইজৰাইল হামাজৰ যুদ্ধাই ২৩দিনত ভৰি দিছে (Israel-Hamas War)। ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধয়ে বিধ্বংসী ৰূপ লৈছে(Israel stepping up attacks on Gaza)।

উল্লেখ্য যে, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচিৰ বিশেষ বাৰ্তালাপ কৰে । ফোনযোগে দুয়োগৰাকী নেতাই বিভিন্ন বিষয়ক লৈ আলোচনা কৰে।

দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ অৱনতি হোৱা নিৰাপত্তা আৰু মানৱীয় পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে(PM Modi discusses humanitarian assistance with Egypt’s El-Sisi as Israel attacks Gaza) ।

ইজিপ্তৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হোৱা বাৰ্তালাপৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ মোডীয়ে কয়, তেওঁলোকে সন্ত্ৰাসবাদ, হিংসা আৰু সাধাৰণ নাগৰিকৰ প্ৰাণ হানি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে X ৰ এটা পোষ্টত উল্লেখ কৰা যে , দুয়োগৰাকী নেতাৰ বাৰ্তালাপত পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছে । শান্তি আৰু স্থিৰতা পুনৰুদ্ধাৰ কৰা আৰু মানৱীয় সাহায্য প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰিছে আৰু এই বিষয়ত দুয়োখন দেশ একমত বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে ইজিপ্তে জাৰি কৰা এক বিবৃতিত অনুসৰি, ৰাষ্ট্ৰপতি এল-চিচিলৈ প্ৰধানমন্ত্ৰী মোদীৰ পৰা এটা ফোন আহিছিল আৰু দুয়োগৰাকী নেতাই গাজা ষ্ট্ৰিপত ইজৰাইলৰ সামৰিক অভিযানৰ শেহতীয়া ঘটনাক্ৰমৰ ওপৰত মত বিনিময় কৰে । তেওঁলোকে সাধাৰণ নাগৰিকৰ জীৱনত ইয়াৰ প্ৰভাৱ আৰু সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তাৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ বৃদ্ধি অব্যাহত থকাৰ গুৰুত্বৰ বিষয়েও আলোচনা কৰে(Modi, Egypt President discuss West Asia turmoil amid Israeli offensive in Gaza) ।

ইফালে ৰাষ্ট্ৰপতি এল-চিচি আৰু প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু কৌশলগত অংশীদাৰিত্বৰ অসামান্য স্তৰত সকাহৰ কথা প্ৰকাশ কৰিছে । তেওঁলোকে ইজিপ্ত আৰু ভাৰতৰ মাজত যৌথ সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ প্ৰতিষ্ঠানক নেতৃত্ব দিয়া অব্যাহত ৰখাৰ সংকল্পৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক : Israel-Hamas War : ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ অব্যাহত, হামাছৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ যুদ্ধৰ বাবে সাজু ইজৰাইল