Israel Embassy Blast: বৃদ্ধি কৰা হৈছে দিল্লীৰ ইজৰাইলী দূতাবাসৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা; মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী

নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ : বৃদ্ধি কৰা হৈছে দিল্লীৰ ইজৰাইলী দূতাবাসৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা । মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী । বৃহস্পতিবাৰে পুৱাৰে পৰা ইজৰাইলী দূতাবাসৰ চৌহদত লোকৰ চলাচল সীমিত কৰা হৈছে আৰু সমান্তৰালকৈ অঞ্চলটোত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে(Israel Embassy Blast) ।
মঙলবাৰে দেশৰ ৰাজধানী দিল্লীত কটকটীয়া নিৰাপত্তাৰ মাজতে ইজৰাইলী দূতাবাসৰ সমীপত বিস্ফোৰণৰ ঘটনা সংঘটি হয় ।
উল্লেখ্য যে , দিল্লী আৰক্ষীয়ে মঙলবাৰে এটা ফোন পাইছিল যে চাণক্যপুৰীৰ ইজৰাইলী দূতাবাসৰ সমীপত এটা বিস্ফোৰণৰ শব্দ শুনা গৈছে । কিন্তু বিষয়াসকলে নিশ্চিত কৰিছিল যে ঘটনাস্থলীত তেনে কোনো একো প্ৰমাণ পোৱা নগ’ল । দিল্লী অগ্নি নিৰ্বাপক বাহিনীয়ে সন্ধিয়া প্ৰায় ৬ বজাত এই ফোনটো পাইছিল । বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ক ঘটনাটোৰ তদন্তৰ দায়িত্ব দিয়া হয়(Security Beefed Up Outside Israeli Embassy After Bombing Threat) ।
ইফালে, দিল্লী আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পিচত দুজন সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিছে । অৱশ্যে বিষয়াসকলে এই ঘটনাত তেওঁলোক জড়িত থকাৰ কোনো নিশ্চিত তথ্য লাভ কৰা নাই । সূত্ৰৰ মতে মঙলবাৰে সন্ধিয়া ইজৰাইল দূতাবাসৰ ওচৰত ঘূৰি ফুৰা দুজন ব্যক্তিক কথিত বিস্ফোৰণ ঘটনাত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে(Abusive Letter Found Near Blast Site, Security Beefed up in Delhi) ।
বিস্ফোৰণ সম্পৰ্কীয় ফোন কলৰ ঘটনাত তেওঁলোকৰ ভূমিকা এতিয়াও স্পষ্ট হোৱা নাই । তেওঁলোকৰ পৰিচয় আৰু কলৰ সময়ত তেওঁলোকে অঞ্চলটোত কি কৰি আছিল সেয়া জানিবলৈ চেষ্টা কৰি থকা হৈছে । তেওঁলোকক জেৰাৰ অন্তত হে সকলো তথ্য পোহৰলৈ আহিব ।
সম্প্ৰতি আৰক্ষীয়ে ওচৰৰ অঞ্চলবোৰৰ চিচিটিভি পৰীক্ষা কৰি আছে । ইফালে দিল্লী আৰক্ষীয়ে মঙলবাৰে সন্ধিয়া ইজৰাইল দূতাবাসৰ সমীপত বিস্ফোৰণ সম্পৰ্কীয় এখন পত্ৰ লাভ কৰিছিল । ইজৰাইলী দূতাবাসলৈ ইংৰাজীত এই পত্ৰখন লিখা হৈছিল য’ত ভাবুকিপূৰ্ণ শব্দ ব্যৱহাৰ কৰা হৈছিল ।
লগতে পঢ়ক : Priyanka Gandhi Named in ED’s Charge Sheet in PMLA Case : ED ৰ PMLA গোচৰৰ অভিযোগনামাত প্ৰিয়ংকা গান্ধীৰ নাম