Israel attacks Damascus : ছিৰিয়াত আক্ৰমণ ইজৰাইলৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২২অক্টোবৰ : অব্যাহত আছে ইজৰাইল আৰু পেলেস্তাইনীৰ বিশ্ব কঁপাই যোৱা যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ বন্ধ হোৱাৰ নাম লোৱা নাই ।বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ(Israeli strikes knock out Damascus, Aleppo airports) ৷
তাৰ পিছতে বিশ্বজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া । ইয়াৰ মাজতে এইবাৰ ইজৰাইলী সেনাই ছিৰিয়াৰ দামাস্কাছ আৰু আলেপ্পোত আক্ৰমণ কৰে । ইজৰাইলৰ এই আক্ৰমণত বিমানবন্দৰকেইটাৰ বিস্তৰ ক্ষতি সাধন হয় ।
অৱশ্যে এই ঘটনাৰ ফলত কোনো লোক হতাহত হৈছে নে নাই সেই বিষয়ে কোনো তথ্য লাভ কৰা নাই(Israel attacks Damascus) ।
ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) অভিযোগ কৰিছে যে ছিৰিয়াই ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে ।
আইডিএফৰ সূত্ৰৰ মতে, দেওবাৰে পুৱা গুলীচালনাৰ ঘটনাটো সংঘটিত হয় ।
ইফালে, ছিৰিয়াৰ চৰকাৰী সংবাদ সংস্থাই জনোৱা অনুসৰি, ইজৰাইলে দেওবাৰে পুৱা ৫.২৫বজাত আলেপ্পো আৰু দামাস্কাছ বিমানবন্দৰত বিমান আক্ৰমণ কৰে । এই আক্ৰমণৰ ফলত বিমানবন্দৰৰ ৰানৱে ক্ষতিগ্ৰস্ত হয় ।
আনহাতে, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে কয় যে, যদি দেশৰ বাহিৰৰ পৰা আক্ৰমণ হৈ থাকে তেন্তে ইজৰাইলে শক্তিশালী স্থিতি ল’ব । গেলেণ্টে হিজবুল্লাহ আৰু ছিৰিয়াক এনে পৰিস্থিতিত পৰিণামৰ বাবে সতৰ্ক কৰি দিয়ে(Israel attacks Damascus, Aleppo airports) ।
ছিৰিয়াৰ চৰকাৰী সংবাদ সংস্থাত প্ৰকাশ পোৱা তথ্য অনুসৰি, ইজৰাইলীৰ বিমান আক্ৰমণৰ ফলত দামাস্কাছ বিমানবন্দৰত এজন শ্ৰমিকৰ মৃত্যু হয় আৰু আন এজন আহত হয় ।
আনহাতে বিমানবন্দৰৰ ৰানৱেৰ ক্ষতিয়ে বিমান সেৱাত বাধা দিছে । ইফালে দেশখনৰ পৰিবহণ মন্ত্ৰালয়ে কোৱা মতে, বিমানসমূহ লাটাকিয়া বিমানবন্দৰলৈ স্থানান্তৰ কৰা হৈছে । সামৰিক সূত্ৰৰ মতে এই আক্ৰমণ লাটাকিয়াৰ পশ্চিমে ভূমধ্যসাগৰৰ দিশৰ পৰা আৰু অধিকৃত ছিৰিয়ান গোলানৰ দিশৰ পৰা কৰা হৈছিল । ইফালে ইজৰাইল আৰু হামাছৰ সংঘৰ্ষত ইন্ধন যোগাবলৈ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহে ইজৰাইলক সকীয়নি প্ৰদান কৰিছে । গাজা ষ্ট্ৰিপত স্থল আক্ৰমণ হ’লে হিজবুল্লাহে ইজৰাইলক প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ দিছে(Israeli air strikes kill two workers at Syria’s Damascus airport) ।
লগতে পঢ়ক :Israel-Hamas War : গাজাত ৫৫০টা বিফল পেলেষ্টাইনী ৰকেট উৎক্ষেপণ ধৰা পৰিছে