Local, Vocal, Global

ISISৰ এজন সক্ৰিয় সদস্য গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৭ আগষ্ট : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ( National Investigation Agency (NIA) ) শনিবাৰে নতুন দিল্লীত সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট ( Islamic State , ISIS)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে।

মহছিন আহমেদ বুলি চিনাক্ত কৰা অভিযুক্তজনক ৰাষ্ট্ৰৰ ৰাজধানীৰ Batla Houseত থকা তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

তদন্ত সংস্থাটোৰ মতে, আহমেদ ভাৰতৰ লগতে বিদেশৰ সহানুভূতিশীল সকলৰ পৰা সন্ত্ৰাসবাদী সংগঠনটোৰ বাবে পুঁজি সংগ্ৰহ কৰা আৰু ইয়াক ক্ৰিপ্টো মুদ্ৰাৰ ৰূপত চিৰিয়া আৰু অন্যান্য স্থানলৈ প্ৰেৰণ কৰাত জড়িত আছিল।