Is ex-Jharkhand CM Champai Soren likely to join BJP today: সঁচাকৈয়ে গেৰুৱা বসন পিন্ধিব নেকি ঝাৰখণ্ড জেএমএম ৰ প্ৰবীণ নেতা চম্পাই ছোৰেনে
নিউজ ডেস্ক,১৯আগষ্ট : JMMৰ নেতা তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেনে আজি বিজেপিত যোগদান কৰাৰ সম্ভাৱনা।
উল্লেখ্য যে, দেওবাৰৰ পুৱাই ৰাজধানী দিল্লীলৈ ৰাওনা হৈছিল শাসকীয় জেএমএমৰ প্ৰবীণ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন ।
তাৰ পিছতে ৰাজনৈতিক মহলত চৰ্চা চলিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক লৈ ।প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন বিজেপি দলত যোগদান কৰিব বুলি চৰ্চা চলিছিল(Is ex-Jharkhand CM Champai Soren likely to join BJP today) ।
কিন্তু এই সন্দৰ্ভত শনিবাৰে চম্পাই ছোৰেনে ৰাঁচীত সংবাদ মাধ্যমৰ আগত কৈছিল যে , “এনে জল্পনা-কল্পনা আৰু বাতৰিৰ বিষয়ে মই একো নাজানো ৷ মই য’ত আছো তাতেই আছো…।”
চম্পাই ছোৰেনে লগতে বিজেপি নেতাৰ সৈতে সংস্পৰ্শত থকা বুলি খবৰ প্ৰকাশ পোৱা লবিন হেমব্ৰমৰ সৈতে তেওঁৰ সাক্ষাৎ সন্দৰ্ভত কৈছিল যে, মই হেমব্ৰমেক লগ পাইছিলো ৷ কিন্তু আমাৰ মাজত নিয়মীয়া আলোচনা হৈছিল ।” শেহতীয়াকৈ হেমব্ৰমক পলায়ন বিৰোধী আইন অনুসৰি জেএমএমৰ বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰা হৈছে ।
সূত্ৰই জনোৱা মতে, চলিত বৰ্ষৰ জুন মাহত জামিনত মুক্তি পোৱাৰ পিছত কেইমাহমানৰ ভিতৰতে জেএমএমৰ কাৰ্যবাহী সভাপতি হেমন্ত ছোৰেনক পুনৰ স্থান প্ৰদান কৰাত চম্পাই ছোৰেন অসন্তুষ্ট হৈছিল।
লগতে পঢ়ক : Ferry with 98 passengers stranded on Brahmaputra river in Majuli : ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ যাত্ৰীবাহী ফেৰী