Local, Vocal, Global

Irfan Pathan’s Makeup Artist Dies After Drowning in West Indies Pool : প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানৰ ব্যক্তিগত মেকআপ আৰ্টিষ্টৰ মৃত্যু

নিউজ ডেস্ক,২৫জুন : ক্ৰিকেটাৰ ইৰফান পাঠানৰ ব্যক্তিগত মেক-আপ শিল্পীৰ মৃত্যু । ছুইমিং পুলৰ পানীত ডুবি মৃত্যু হ’ল মেক-আপ শিল্পীৰ গৰাকীৰ

টী-২০ বিশ্বকাপৰ মাজতেই ৱেষ্ট ইণ্ডিজত মৃত্যু হ’ল প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানৰ ব্যক্তিগত মেক-আপ শিল্পীৰ ফায়াজ আনছাৰীৰ।

কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত্য়ু কাৰণ । যাক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ(Irfan Pathan’s Makeup Artist Dies After Drowning in West Indies Pool)।

প্ৰাক্তন ক্ৰিকেটাৰ ইৰফান পাঠানে বিদেশ ভ্ৰমণত গ’লে ফায়াজক লগত লৈ যায় । সেয়ে বিশ্বকাপলৈও লৈ গৈছিল তেওঁক। শুকুৰবাৰে সন্ধ্যা হোটেলৰ ছুইমিং পুলত সাঁতুৰিবলৈ নামিছিল ফায়াজ। আৰু সেই মুহূৰ্ততেই তেওঁৰ মৃত্যু হয়। আচলতে কি কাৰণত তেওঁৰ মৃত্যু হ’ল সেইটো এতিয়াও জানিব পৰা হোৱা নাই।

খবৰ অনুসৰি, ৱেষ্ট ইণ্ডিজৰ পৰা ফায়াজৰ মৃতদেহ ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে ইৰফান পাঠানে। ৱেষ্ট ইণ্ডিজৰ পৰা দিল্লীলৈ ফায়াজৰ মৃতদেহ আহি পাওতে তিনি-চাৰিদিন লাগিব বুলি অনুমান কৰা হৈছে। ইৰফানৰ অতি ঘনিষ্ঠ আৰু আপোন ফায়াজৰ মৃত্যুশোকত ভাঙি পৰিছে ইৰফান পাঠান।

লগতে পঢ়ক : Road Accident in Marigaon : বাইক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ;গুৰুতৰভাৱে আহত দুজনকৈ লোক