Local, Vocal, Global

Iran president helicopter crash: : মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ ! হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতিৰ !

ইণ্টাৰনেশ্যনেল ডেস্ক,২০মে’ : মৃত্যু ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ। হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু মুখত পৰে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি(Iran president helicopter crash) ।

উল্লেখ্য যে, দেওবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ এখন হেলিকপ্টাৰে পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়।দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত ইৰাণৰ বৈদেশিক মন্ত্ৰীও আছিল বুলি জানিব পৰা গৈছে (Iranian President Ebrahim Raisi Dies In Chopper Crash)।

সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত হেলিকপ্টাৰখনে নিয়ন্ত্ৰণ হেৰুৱাইছিল। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাস্থলীত দৃশ্যমানতা অতি দুৰ্বল হোৱা বুলি জানিব পৰা গৈছে। শেহতীয়া এক খবৰ অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত থকা কোনে লোকে জীয়াই থকাৰ সম্ভাৱনা নাই।

লগতে পঢ়ক : Lok Sabha Elections 2024 Phase 5 : আজি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ;পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া