Iran bus crash kills at least 28 Pakistani pilgrims : তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত;নিহত ২৮জন,আহত ২৩
নিউজ ডেস্ক,২১আগষ্ট : তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত ।নিহত ২৮জনকৈ যাত্ৰী ।
ঘটনা অনুসৰি,পাকিস্তানৰ পৰা ইৰাকলৈ চিয়া তীৰ্থযাত্ৰীক কঢ়িয়াই লৈ গৈ আছিল এখন বাছে সেই সময়তে মধ্য ইৰাণত দুৰ্ঘটনাগ্ৰস্ত হয় বাছখন । দুৰ্ঘটনাত কমেও ২৮ গৰাকী লোকৰ মৃত্যু হয় ।আহত হয় ২৩গৰাকীকৈ লোক। ইয়াৰে ১৪গৰাকী লোকৰ অৱস্থা সংকটজনক(Iran bus crash kills at least 28 Pakistani pilgrims) ।
চৰকাৰী সংবাদ সংস্থা আই আৰ এন এৰ তথ্য অনুসৰি, মধ্য ইৰাণৰ ইয়াজদ প্ৰদেশত মঙলবাৰে গভীৰ নিশা এই দুৰ্ঘটনাটো সংঘটিত হয় ।
স্থানীয় জৰুৰীকালীন বিষয়া মহম্মদ আলী মালেকজাদেহে প্ৰকাশ কৰা অনুসৰি , বাছখনৰ সকলো যাত্ৰী পাকিস্তানৰ বাসিন্দা ।দুৰ্ঘটনাগ্ৰস্ত বাছখনত ৫১ গৰাকী লোক আছিল বুলি প্ৰকাশ । ইৰাণৰ চৰকাৰী দূৰদৰ্শনে এই দুৰ্ঘটনাটোৰ কাৰণ হিচাপে বাছখনৰ ব্ৰেক বিফল হোৱা আৰু চালকৰ অমনোযোগিতাক দোষাৰোপ কৰে(Bus crash in Iran kills at least 28 Pakistani pilgrims travelling to Iraq)।
আনহাতে, পাকিস্তানত সংবাদ মাধ্যমৰ প্ৰতিবেদনত কামাৰ আব্বাছ নামৰ এজন স্থানীয় চিয়া নেতাৰ উদ্ধৃতি দি কোৱা হৈছে যে দুৰ্ঘটনাটোত প্ৰায় ৩৫ জন লোকৰ মৃত্যু হৈছে । তেওঁ বাছখনত থকা লোকসকলক পাকিস্তানৰ দক্ষিণ সিন্ধু প্ৰদেশৰ লাৰকানা চহৰৰ পৰা বুলি উল্লেখ কৰে । অৱশ্যে পাকিস্তানৰ চৰকাৰে এই বিষয়ত তাৎক্ষণিকভাৱে কোনো মন্তব্য আগবঢ়োৱা নাই ।
জানিব পৰা মতে,তীৰ্থযাত্ৰীসকলে আৰবীন পালন কৰিবলৈ ইৰাকলৈ গৈ আছিল ।