‘ইৰাবানৰ জন্ম’ উন্মোচন, চাৰি শিল্পীক সম্বৰ্ধনা

নিউজ ডেস্ক : আজি জনপ্ৰিয় নাগাৰা নামৰ পাঠক শিল্পী ছিপাঝাৰৰ সুভাষ নাথৰ নতুন নামৰ শ্ৰব্য এলবাম ‘ইৰাবানৰ জন্ম’ উন্মোচন কৰা হয়। মঙলবাৰে দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ প্ৰেক্ষাগৃহত একাংশ লোকশিল্পীৰ উপস্থিতিত অনুষ্ঠিত এক সভাত ইৰাবানৰ জন্ম উন্মোচন কৰে সু-লেখক, ছিপাঝাৰৰ জনতা ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ হৰেণ ডেকাই।
শিল্পী সুভাষ নাথৰ দল ‘শংকৰ মাধৱ নাগাৰা নাম দল’ ছিপাঝাৰস্থিত দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ বিশিষ্ট শিল্পীসকলৰ উপস্থিতিত এই সভাতে সম্বৰ্ধনা জনায় নাগাৰা নামৰ মহীৰূহ ৰামচৰণ ভড়ালী, কৈলাস তালুকদাৰৰ লগতে আন দুজন শিল্পী হৰেকৃষ্ণ গোস্বামী আৰু দুলু বড়োক।
দৰঙৰ নাগাৰা নামৰ প্ৰচাৰ আৰু প্ৰসাৰত মনোনিবেশ কৰি জনপ্ৰিয় কৃষ্টি হিচাপে উজলাই তোলাত এওঁলোকৰ অসীম অবদানৰ প্ৰতি সন্মান জনাই জ্ঞাপন কৰা হয় সম্বৰ্ধনা। সভাত নাগাৰা নাম প্ৰদৰ্শন কৰে সুভাষ নাথে ।