IPS Partha Sarathi Mahanta Designated as Honourary Fellow: IPS বিষয়া ড০ পাৰ্থসাৰথি মহন্তলৈ আই আই টিৰ ‘চেপ্টাৰ ফৰ ইণ্ডিয়ান ন’লেজ ছিষ্টেম’ৰ সন্মানীয় ফেল’ সন্মান
নিউজ ডেস্ক,১৮নৱেম্বৰ : IPS বিষয়া ড০ পাৰ্থসাৰথি মহন্তলৈ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান চমুকৈ আই আই টিৰ ‘চেপ্টাৰ ফৰ ইণ্ডিয়ান ন’লেজ ছিষ্টেম’ৰ সন্মানীয় ফেল’ সন্মান। অসমৰ ৰাজহুৱা জীৱনত উল্লেখনীয় সেৱা আগবঢ়োৱা আৰু সামাজিক উন্নয়নত আগবঢ়োৱা অৰিহনাৰ বাবে ড০ পাৰ্থসাৰথি মহন্তলৈ এই প্রকল্পৰ গুৰুত্বপূর্ণ দায়িত্ব অৰ্পন(IPS Partha Sarathi Mahanta Designated as Honourary Fellow)।
পাৰ্থসাৰথি মহন্তই আৰক্ষীত বিভিন্ন পদক লাভ কৰাৰ সমান্তৰালভাৱে বিগত সময়ত চলচ্চিত্ৰ পৰিচালনাৰ বাবে কেইবাটাও সন্মানীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
ড৹ পাৰ্থসাৰথি মহন্তই এই প্রতিষ্ঠানৰ মৰ্যাদাপূর্ণ প্রকল্প ‘‘পণ্ডিত হেমচন্দ্র গোস্বামী মিছন ফৰ পপুলাৰাইজেচন অৱ ছায়েন্স এণ্ড আছামীজ কালচাৰ’’ৰ প্ৰতি সক্রিয় অৰিহণা আগবঢ়াব । অসমীয়া সংস্কৃতি আৰু শিক্ষা জগতৰ পুৰোধা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নামত নামকৰণ কৰা এই মিছনে অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক STEM শিক্ষাক আঁকোৱালি লোৱাত উদগনি যোগাব । সমান্তৰালভাৱে এই মিছনে ছাত্র-ছাত্রীসকলক অসমীয়া ভাষা-সংস্কৃতি আৰু সাহিত্যৰ প্ৰতি অনুৰাগী কৰি তুলিব।
লগতে পঢ়ক :One man missing in Dibru River: ডিব্ৰু নৈৰ বুকুত অঘটন;আনৰ জীৱন বচাবলৈ গৈ নিৰুদ্দেশ এজন স্থানীয় লোক