IPL match in guwahati barshapara stadium : আজি বৰ্ষাপাৰাত IPLৰ হাইভল্টেজ মেচ; ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ

নিউজ ডেস্ক,১৯মে’ : আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ হাইভল্টেজ মেচ । ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰে মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ৷ সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচ(
IPL match in guwahati barshapara stadium)৷
আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া আইপিএল মেচৰ সময়ত যাতে মহানগৰীত কোনো যান-জঁটৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে কিছু নিষেধাজ্ঞা ।
-নিৰ্দেশনা অনুসৰি
কাইলৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব বি কে কাকতি ৰোড, জি এছ ৰোড, এ কে আজাদ ৰোডত ।
এফ এ ৰোড, এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোডতো বন্ধ থাকিব বাণিজ্যক বাহনৰ চলাচল।
জি এন বি ৰোড, এম জি ৰোড, এ টি ৰোড, আৰ এম চি ৰোড আৰু কাহিলিপাৰা ৰোডতো বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল।
ইফালে সংবাদমেল যোগে জনোৱা অনুসৰি ৩ চকীয়া সামগ্ৰী কঢ়িওৱা বাহনো কৰিব নোৱাৰিব চলাচল।
ইয়াৰোপৰি আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ হ’ব একক পথ।
বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈও একক পথ।
বিয়লি ৪-৩০ বজালৈ অনুমতি নথকা বাহন উল্লেখিত পথসমূহত চলিবলৈ দিয়া নহ’ব।
অৱশ্যে জৰুৰীকালিন, স্কুল বাছ, স্থানীয় বাসিন্দা আদিৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়।