Local, Vocal, Global

আই পি এল ২০২২ ছিজনৰ পুৰস্কাৰ সমূহ

নিউজ ডেস্ক, ৩০ মে’- হাৰ্ডিক পাণ্ডিয়াৰ গুজৰাট টাইটানছে (GT) দেওবাৰে (২৯ মে) আহমেদাবাদত অনুষ্ঠিত ফাইনেলত ২০০৮ চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছক (RR)সাত উইকেটত পৰাস্ত কৰি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) খিতাপ জয় কৰে।

বিচিচিআইয়ে ২০২৩ চনৰ পৰা আই পি এল বিজয়ীসকলৰ বাবে পুৰষ্কাৰৰ ধনৰ বৃহৎ বৃদ্ধিৰ কথাও ঘোষণা কৰে। বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই ইনচাইডস্পোৰ্ট ৱেবছাইটক জনায় যে “সেইটো (পুৰষ্কাৰৰ ধন বৃদ্ধি) বৰ্তমান আলোচনাত আছে। পুৰষ্কাৰৰ ধন অহা বছৰৰ পৰা ২০-২৫% বৃদ্ধি কৰিব লাগে। কিন্তু পৰিমাণটো এতিয়াও চূড়ান্ত হোৱা নাই। প্ৰতিযোগিতাখনৰ আগতে অহা বছৰ এটা সিদ্ধান্ত লোৱা উচিত,”।

জছ বাটলাৰে (Jos Buttler) ৮৬৩ ৰাণৰ সৈতে ছিজনটো সমাপ্ত কৰাৰ বাবে অৰেঞ্জ কেপ লাভ কৰে আৰু লগতে সৰ্বাধিক ছিক্স, সৰ্বাধিক ফ’ৰ, পাৱাৰপ্লেয়াৰ অফ দ্য চিজন, গেমচেঞ্জাৰ অফ দ্য চিজন আৰু মোষ্ট ভেল্যুৱেবল প্লেয়াৰ বঁটা লাভ কৰে।

টাইটানসকলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) পৰা ২০ কোটি টকাৰ পুৰস্কাৰ লাভ কৰিব আনহাতে ৰানাৰ্ছ আপ ৰয়েলছে ১৩ কোটি টকা জিকিব।

ৰয়েলছৰ হাতত কোৱালিফায়াৰ ২ ত পৰাজিত হোৱাৰ পিছত আই পি এল ২০২২ ত তৃতীয় স্থান লাভ কৰা ফাফ ডু প্লেচিছৰ নেতৃত্বত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক (RCB) ৭ কোটি টকাৰ পুৰস্কাৰ দিয়া হ’ব। এলিমিনেটৰ হেৰুওৱাৰ পিছত চতুৰ্থ স্থানত থকা নবাগত লক্ষ্ণৌ চুপাৰ জায়াণ্টছে (LSG) ৬.৫ কোটি টকা লাভ কৰিব ।

আই পি এল ২০২২ ছিজনৰ পুৰস্কাৰ সমূহ হৈছে—

বিজয়ী: গুজৰাট টাইটানছ (২০ কোটি টকা)

ৰানাৰ্ছ-আপ: ৰাজস্থান ৰয়েলছ (১৩ কোটি টকা)

তৃতীয় স্থান: ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (৭ কোটি টকা)

চতুৰ্থ স্থান: লক্ষ্ণৌ চুপাৰ জায়ান্টছ (৬.৫ কোটি টকা)

উদীয়মান খেলুৱৈ: উমৰণ মালিক (১০ লাখ টকা)

সৰ্বাধিক ছয়: জছ বাটলাৰ (১০ লাখ টকা)

ছিজনৰ চুপাৰ ষ্ট্ৰাইকাৰ: দিনেশ কাৰ্তিক (১০ লাখ টকা, টাটা পাঞ্চ)

গেমচেঞ্জাৰ বঁটা: জছ বাটলাৰ (১০ লাখ টকা)

পাৱাৰপ্লেয়াৰ অফ দ্য চিজন: জছ বাটলাৰ (১০ লাখ টকা)

ছিজনৰ দ্ৰুততম ডেলিভাৰী: লকি ফাৰ্গুচন (১৫৭.৩ কিলোমিটাৰ) (১০ লাখ টকা)

সৰ্বাধিক চাৰি: জছ বাটলাৰ (১০ লাখ টকা)

বেঙুনীয়া টুপী: যুজবেন্দ্ৰ চাহাল (২৭ উইকেট, ১০ লাখ টকা)

অৰেঞ্জ কেপ: জছ বাটলাৰ (৮৬৩ ৰাণ, ১০ লাখ টকা)

চিজনৰ কেচ: এভিন লুইছ বনাম কেকেআৰ (১০ লাখ টকা)

এমভিপি: জছ বাটলাৰ (১০ লাখ টকা)

ফেয়াৰ প্লে এৱাৰ্ড: ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছ