Local, Vocal, Global

Intoxicants seized in Biswanath : বিশ্বনাথত জব্দ বুজন পৰিমাণৰ গাঞ্জা

নিউজ ডেস্ক,৬অক্টোবৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বিশ্বনাথ জিলা আৰক্ষীয়ে নিৰবিচ্ছিন্ন ভাৱে চলাই আছে অভিযান ।বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত দেওবাৰে প্ৰায় পাঁচ কুইন্টল গাঞ্জা জব্দ কৰে। তেজপুৰৰ পৰা লখিমপুৰ অভিমুখী এ এছ ০৭ বিচি ৫৭১২ নম্বৰৰ এখন পিকভানৰ পৰা জব্দ কৰা হয় নিচাজাতীয় দ্ৰব্যখিনি(Intoxicants seized in Biswanath)।

উল্লেখ্য যে বিশ্বনাথৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা কিছু দুৰৈত আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি। গাঞ্জাখিনি শাক – পাচলিৰ তলত জাপি লক্ষীমপুৰৰ দিশে লৈ গৈ আছিল।

আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰিলেও কিন্তু বাহনখনৰ পৰা পলায়ন কৰে চালক আৰু হেণ্ডিমেনে। ইতিমধ্যে আৰক্ষীয়ে সৰবৰাহকাৰীক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়ক :Assam Suspends Jal Jeevan Mission Amid Quality Concerns : জল জীৱন মিছনৰ বিসংগতিপূৰ্ণ কামক লৈ ভূপেন বৰাৰ সংবাদমেল