Intoxicants Drugs Disposal In Guwahati : বশিষ্ঠ মন্দিৰ চৌহদত দাহন ড্ৰাগছ আৰু গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী
নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : দেওবাৰে মহানগৰীৰ বশিষ্ঠ মন্দিৰ চৌহদত দাহন কৰা হয় ড্ৰাগছ আৰু গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী । লগতে নষ্ট কৰি পেলোৱা হয় শতাধিক বিলাতী সুৰাৰ বটল ।
ব’লব’ম পৰিচালনা সমিতি, বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি, যুৱ ঐক্য়মঞ্চ, বশিষ্ঠ প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন দল-সংগঠনৰ উদ্যোগত ৰাজহুৱাকৈ দাহ কৰা হয় এইসমূহ নিষিদ্ধ সামগ্ৰী।দাহন কৰা হয় ড্ৰাগছ আৰু গাঞ্জাসমূহ ব’লব’ম উৎসৱৰ সময়ত জব্দ কৰা হৈছিল(Intoxicants Drugs Disposal In Guwahati)।
উল্লেখ্য যে, পবিত্ৰ শাওন মাহত ব’লব’মত বশিষ্ঠ আশ্ৰমত একাংশ দুষ্টচক্ৰৰ পৰা উদ্ধাৰ কৰা হয় ড্ৰাগছ, সুৰা, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী । ব’লব’মত নিশা হাতে হাতে নিচাজাতীয় সামগ্ৰীৰ লগতে চোকা অস্ত্ৰ লৈ মন্দিৰ চৌহদত প্ৰৱেশৰ চেষ্টা কৰিছিল ভক্তৰ ৰূপত অহা নিচাসক্ত একাংশ যুৱকে ।
ব’লব’ম পৰিচালনা সমিতি, বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি, যুৱ ঐকমঞ্চ, বশিষ্ঠ প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন দল-সংগঠনৰ উদ্যোগত ব’লব‘মত জব্দ হয় এই নিচা জাতীয় সামগ্ৰী ।
লগতে পঢ়ক :Two Bangladeshi nationals detained : কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত দুই বাংলাদেশী নাগৰিকৰ অসমত অনুপ্ৰৱেশৰ চেষ্টা