Local, Vocal, Global

Haryana Nuh Violence : হাৰিয়ানাত ৫ আগষ্টলৈ বন্ধ থাকিব ইন্টাৰনেট সেৱা

নেশ্যনেল ডেস্ক, ৩ আগষ্ট : হাৰিয়ানাৰ নুহত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । হাৰিয়ানাৰ নুহত সংঘটিত হোৱা এই হিংসাত্মক ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে উদ্বেগৰ । ৰাজ্যখনৰ এতিয়াও বহুকেইখন জিলাত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে(Haryana Nuh Violence) ।

গুৰুগ্ৰামৰ বাদশ্বাহপুৰ আৰু চোহনা পথত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । মঙলবাৰে নিশা এটা দলে এক ধৰ্মীয় স্থানত অগ্নিসংযোগ কৰে । ইয়াৰ পূৰ্বে তাত গুলীচালনাও কৰা হয় । এই সমগ্ৰ ঘটনাত এজন ২৬ বছৰীয়া যুৱকৰ মৃত্যু হয় । ঘটনাটোৰ পিছতে মানেচাৰ, পাটৌডি আৰু চোহনাত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে । পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে ইণ্টাৰনেট সেৱাসমূহ স্থগিত থাকিব বুলি জানিব পৰা গৈছে ।হাৰিয়ানাত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হৈছে । হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বুধবাৰে হিন্দু সংগঠনবোৰে এখন পঞ্চায়তৰ আহ্বান কৰিছে ।

সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পিছত মঙলবাৰে গুৰুগ্ৰামৰ এখন ধাবাত আক্ৰমণ কৰা হয় । ৰেৱাৰীৰ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বস্তি অচিনাক্ত ব্যক্তিয়ে জ্বলাই দিয়ে । আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি ৮ খন জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে । কিছু অঞ্চলত ইণ্টাৰনেট সেৱা বন্ধ ৰখা হৈছে ।

উল্লেখ্য সোমবাৰে হাৰিয়ানাৰ নুহ জিলাত বিশ্ব হিন্দু পৰিষদৰ ব্ৰজ মণ্ডল যাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত হিংসাত্মক ঘটনাত এতিয়ালৈকে ৬ জন লোক নিহত হৈছে । আনহাতে, এই হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ হিন্দু সংগঠনবোৰে বুধবাৰে মানেচাৰত এখন পঞ্চায়তৰ আহ্বান কৰিছে ।

এই হিংসাত্মক ঘটনাত নিহত ৬ জনৰ ভিতৰত আছে দুজন আৰক্ষী । নিৰাপত্তা বৰ্তাই ৰাখিবলৈ গুৰুগ্ৰামৰ পৰা নুহলৈ আৰক্ষীৰ এটা দল গৈ থকাৰ সময়ত দুজন গৃহৰক্ষী নিহত হয় । সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পিছত মঙলবাৰে গুৰুগ্ৰামৰ এখন ধাবা ভাঙি লণ্ডভণ্ড কৰা হয় । আনহাতে, ৰেৱাৰীত কিছু অচিনাক্ত লোকে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ বস্তিত অগ্নিসংযোগ কৰে ।

উল্লেখ্য গুৰুগ্ৰাম আৰক্ষীয়ে এই হিংসাত নিহত গৃহৰক্ষী কৰ্মী দুজনৰ পৰিয়াললৈ ৫৭ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে । ইয়াৰ উপৰি হিংসা বিয়পোৱাৰ বাবে ৪৪ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত ১১৬ জন লোকক আটক কৰা হৈছে ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে মঙলবাৰে নুহত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক ৰাজ্যখনত আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

ইফালে বিশ্ব হিন্দু পৰিষদে মঙলবাৰে সন্ধিয়া অনুষ্ঠিত বৈঠকত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত পাণিপথত বন্ধৰ আহ্বান জনাইছে । বিশ্ব হিন্দু পৰিষদৰ এই আহ্বানক সকলো ব্যৱসায়ী সন্থাৰ মুৰব্বীয়ে সমৰ্থন জনাইছে । আনহাতে, হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মঙলবাৰে আৰ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা ব্যপাৰ মণ্ডল সন্মিলনো বাতিল কৰা হয় ।

হাৰিয়ানাৰ হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে হাৰিয়ানা চৰকাৰে এক নিৰ্দেশ জাৰি কৰিছে । নিৰ্দেশনাত কোৱা হৈছে যে অহা ৫ আগষ্টলৈকে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ ৰখা হ’ব উক্ত অঞ্চলবোৰত(Internet ban extended in violence hit Nuh) ।হাৰিয়ানাৰ গৃহ সচিবে এই নিৰ্দেশ জাৰি কৰিছে আৰু কৈছে যে, হাৰিয়ানাৰ কিছুমান জিলাত পৰিস্থিতি অতি গুৰুতৰ আৰু উত্তেজনাপূৰ্ণ হৈ আছে । যাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ( Internet ban to continue in parts of Haryana till Aug 5) ।

লগতে গৃহ সচিবে নিৰ্দেশনাটোত সকীয়াই দিছে যে কোনেও যাতে ফেচবুক, হোৱাটছএপ, টুইটাৰ আদিৰ দৰে বিভিন্ন সামাজিক মাধ্যম প্লেটফৰ্মৰ জৰিয়তে ভুল তথ্য আৰু উৰাবাতৰি বিয়পোৱাৰ চেষ্টা নকৰে । কাৰণ ভুল তথ্যৰ বাবে আন্দোলনকাৰী আৰু প্ৰতিবাদকাৰীসকলে পুনৰ প্ৰচুৰ ক্ষতি সাধন কৰিব পাৰে বুলি আশংকা কৰা হৈছে । যাৰ বাবে চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে এই ঘটনাৰ দোষী প্ৰমাণিত হ’লে কোনো অভিযুক্তকে ৰেহাই দিয়া নহ’ব আৰু কঠোৰ ব্যৱস্থা লোৱা হ’ব ।

লগতে পঢ়ক :Haryana Nuh Violence : হাৰিয়ানাৰ হিংসাত্মক ঘটনাত ৬ জন লোক নিহত, ১১৬ জনক গ্ৰেপ্তাৰ