Local, Vocal, Global

Farmers Protest : তৃতীয়টো দিনটো অব্যাহত আছে দিল্লী চলো যাত্ৰা;নিষিদ্ধ ৩ খন জিলাত ইন্টাৰনেট সেৱা,মোতায়েন পাঁচখনকৈ ড্ৰ’ন

নেশ্যনেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : দেশৰ কৃষক আন্দোলনৰ আজি তৃতীয় দিন । তৃতীয়টো দিনটো অব্যাহত আছে দিল্লী চলো যাত্ৰা ।পঞ্জাৱ-হাৰিয়ানাৰ শম্ভু সীমান্তত সমৱেত হাজাৰ হাজাৰ কৃষক(Farmers Protest Day 3) ।পঞ্জাৱ, হাৰিয়ানা সীমান্তত আন্দোলনকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত অব্যাহত আছে সংঘৰ্ষ।

ৰাজ্যখনত চলি থকা এই আন্দোলনৰ বাবে পঞ্জাৱৰ তিনিখন জিলাত ইণ্টাৰনেট সেৱা বন্ধ। ১৬ ফেব্ৰুৱাৰীলৈকে স্থগিত ইণ্টাৰনেট সেৱা(Internet ban imposed till February 16 in three districts of Punjab)। লগতে কৃষকৰ গতিবিধি নিৰীক্ষণৰ বাবে মোতায়েন পাঁচখনকৈ ড্ৰ’ন। আৰক্ষীয়ে নিক্ষেপ কৰে কন্দুৱা গেছৰ গোলা।

উল্লেখ্য যে, আন্দোলনৰ তৃতীয় দিন অব্যাহত থকাৰ মাজতে কৃষকসকলে আজি পঞ্জাৱৰ বাটিণ্ডা আৰু পাটিয়ালাত কৃষকসকলে ৰে’লপথত বহি আন্দোলন কৰে ৷ বৰ্তমান শম্ভু সীমান্তত কৃষকসকল শান্তভাৱে আন্দোলনত বহি আছে। সীমান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তাৰ ব্যৱস্থা । হাৰিয়ানাত কৃষকসকলৰ প্ৰৱেশত বাধা প্ৰদান কৰিবলৈ সীমান্তত পেৰা সামৰিক বাহিনীৰ জোৱানক মোতায়েন কৰা হৈছে।

লগতে দিল্লীত টিকৰী সীমান্তত মোতায়েন কৰা হৈছিল BSFআৰু ITBPৰ জোৱান। বাহাদুৰগড়ৰ বালিকা মহাবিদ্যালয়ত মোতায়েন BSFৰ দল । হাৰিয়ানাৰ শম্ভু আৰু খানৌৰী সীমান্তত অবিৰতভাৱে কৃষকসকলে আন্দোলন কৰি আছে। আৰক্ষীৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিগত ৭২ ঘন্টাত কৃষকসকলে সীমান্ত পাৰ হ’ব পৰা নাই। অৱশ্যে ইয়াতেই কৃষকসকলে দিনে-নিশা পাৰ কৰিছে।

লগতে পঢ়ক :Farmers Protest Day 3 : কৃষক আন্দোলনৰ আজি তৃতীয় দিন;বিয়লি ৫ বজাত চণ্ডীগড়ত অনুষ্ঠিত হ’ব বৈঠক