Local, Vocal, Global

Internet ban extended till November 8 : পুনৰ মণিপুৰত ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা বৃদ্ধি

নেশ্যনেল ডেস্ক, ৬নৱেম্বৰ : পুনৰ মণিপুৰত ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা বৃদ্ধি । মোবাইল ইন্টাৰনেট সেৱাৰ ওপৰত জাৰি কৰিলে এক নতুন জাননী । জাননী অনুসৰি পুনৰ মোবাইল ইন্টাৰনেট সেৱা বন্ধৰ সময়সীমা বৃদ্ধি । দেওবাৰে বিভাগীয় কৰ্তৃপক্ষই এক জাননী যোগে এই কথা জনাই(Mobile internet ban extended in violence-hit Manipur till November 8) ।

মণিপুৰৰ গৃহ মন্ত্ৰালয়াৰ পৰা জাৰি কৰা এক জাননী অনুসৰি , “অসামাজিক উপাদানসমূহে জনসাধাৰণৰ আৱেগে কষ্ট পোৱা, ঘৃণামূলক ভাষণ আৰু ভিডিঅ’ বাৰ্তা প্ৰচাৰ কৰিবলৈ সামাজিক মাধ্যমত ব্যাপক ভাৱে ব্যৱহাৰ কৰিব পাৰে। যাৰ ফলত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে”(Internet ban extended till November 8)।

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে মণিপুৰ ৰাইফলছৰ অস্ত্ৰাগাৰ লুণ্ঠন কৰাৰ উদ্দেশ্যৰে একাংশই নিৰাপত্তা বাহিনীৰ শিবিৰত আক্ৰমণ কৰিছিল। যাৰ ফলত নিৰাপত্তাৰক্ষীসকলে শূণ্যলৈ গুলী চালনা কৰিছিল। এই হিংসাত্মাক ঘটনাৰ খবৰ পোৱাৰ পাছতে পুনৰ ৰাজ্যখনত ইন্টাৰনেটত নিষেধাজ্ঞা বৃদ্ধি কৰে(Mobile internet ban extended further till November 8 )।

উল্লেখ্য যে, মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত ৰাজ্যখনৰ কেইবাটাও স্থানত বৰ্তমানেও বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা(Manipur Violence) । বৰ্তমানেও অব্যাহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা । প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি গৈছে ৰাজ্যখন। বিগত কেইবামাহো মণিপুৰত বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা । চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মেইটেই আৰু কুকিসকলৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছতে মণিপুৰত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা(Mobile internet ban in Manipur extended till November 8)।

লগতে পঢ়ক : Mizoram Assembly polls: ৭ নৱেম্বৰত মিজোৰাম বিধানসভা নিৰ্বাচন; নিৰ্বাচনৰ বাবে আৰম্ভ নিৰ্বাচনী প্ৰস্তুতি