Local, Vocal, Global

WATCH | International Yoga Day : জাগীৰোডৰ ছগ্ৰাচলত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

জাগীৰোড,২১জুন : আজি একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ জাগীৰোডৰ ছগ্ৰাচলত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

আজি একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ সেই উপলক্ষে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে জাগীৰোডতো পালন কৰা হয় এই দিৱসটি ৷ জাগীৰোড আৰক্ষী থানা,জাগীৰোড নাগৰিক সমিতি আৰু জাগীৰোড থানা গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত জাগীৰোডৰ ছগ্ৰাচলত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটিত(International Yoga Day) ৷

জাগীৰোডৰ ছগ্ৰাচলত সম্পূৰ্ণ প্ৰাকৃতিক পৰিবেশৰ মাজত যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰে জাগীৰোড আৰক্ষীৰ লোক সকল,জাগীৰোড নাগৰিক সমিতিৰ ,জাগীৰোড থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ লোক সকল আৰু জাগীৰোডৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে ৷

নিজকে স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰাখিবলৈ প্ৰতিদিনে অলপ সময় হলেও যোগ কৰাৰ অভ্যাস কৰিব লাগে বুলি মন্তব্য কৰে জাগীৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভদ্ৰেশ্বৰ পেগুৱে ৷

লগতে পঢ়ক :WATCH | International Yoga Day : শিৱসাগৰত যোগ দিৱসত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ