WATCH | International Yoga Day : বিশ্বনাথত আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহালৰ

বিশ্বনাথ,২১জুন : বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাবে বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত সমগ্ৰ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন।
এইবাৰৰ যোগ দিৱসৰ মূল বিষয় হৈছে “এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ” জিলা প্ৰশাসনৰ এই কাৰ্যসূচীত অসমৰ জলসিঞ্চন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰে(International Yoga Day)।
এই বিশেষ কাৰ্যসুচীত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া সকল, স্বাস্থ্য বিভাগৰ বিষয়া সকল অংশগ্ৰহণ কৰে। এই যোগ দিৱসত বিশ্বন যোগ কেন্দ্ৰৰ প্ৰশিক্ষক ৰূপত গীতাঞ্জলী শইকীয়া যোগাসন কৰায়।