Local, Vocal, Global

WATCH | International Yoga Day : জাগীৰোড সমজিলা প্ৰশাসনৰ উদ্যোগত পালন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

জাগীৰোড,২১জুন : আজি একাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ সেই উপলক্ষে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে জাগীৰোডতো পালন কৰা হয় এই দিৱসটি ৷

জাগীৰোড সমজিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় আয়ুষ মিছন অসমৰ সহযোগত জাগীৰোড মহাবিদ্যালয়ত আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটিত বিশেষভাৱে সহযোগিতা আগবঢ়ায় জাগীৰোড মহাবিদ্যালয় যোগ প্ৰশিক্ষণ বিভাগ, NCC, NSS আদিয়ে ৷

যোগ অনুষ্ঠানত অংশগ্ৰহণ কৰে জাগীৰোড সমজিলা প্ৰশাসনৰ বিষয়ববীয়া, জাগীৰোড মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে ৷ নিজকে স্বাস্থ্যৱান আৰু নিৰোগী কৰি ৰাখিবলৈ প্ৰতিদিনে কমেও আধাঘণ্টা যোগ কৰাৰ প্ৰয়োজন বুলি মন্তব্য কৰে সমজিলা আয়ুক্ত হৃদয় কুমাৰ দাসে ৷

লগতে পঢ়ক : WATCH | Kaliabor News : এইবাৰ ঘোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে