Local, Vocal, Global

WATCH | International Yoga Day : গোৰেশ্বৰৰ বেঙেনাআটী সত্ৰসভা প্ৰেক্ষাগৃহত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস

গোৰেশ্বৰ,২১জুন : সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ততো আজি একাদশ বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন ৷

গোৰেশ্বৰৰ বেঙেনাআটী সত্ৰসভা প্ৰেক্ষাগৃহত পালন কৰা হৈছে এই আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস৷

গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়ৰ সৌজন্যত আৰু গোৰেশ্বৰ পৌৰসভা সহযোগত গোৰেশ্বৰ পতঞ্জলিৰ যোগ সমিতি আৰু মহিলা যোগ কেন্দ্ৰৰ উদ্যোগত পালন কৰে আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day)৷

যোগ দিৱসত বৃহত্তৰ গোৰেশ্বৰ অঞ্চলৰ পুৰুষ, মহিলা, আবাল- বৃদ্ধ- বণিতাই যোগ শিবিৰত অংশ লয় ৷

অনুষ্ঠানত অংশগ্ৰহণ বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমা বড়ো গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া ট্ৰিলিনা টাইড, গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি মজুমদাৰ ৷

লগতে পঢ়ক : WATCH | Mushalpur News : ই.এম ৰাকেশ ব্ৰহ্মৰ মহানুভৱতাত উৎফুল্লিত বাক্সাৰ ৰায়পুৰৰ গঞা