WATCH | International Women’s Day 2025: বিশেষভাৱে সক্ষম এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম

গোৰেশ্বৰ,৮মাৰ্চ : তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ছিল্কীঝাৰৰ এইগৰাকী বিশেষভাৱে সক্ষম মহিলাই শাৰিৰীক প্ৰতিবন্ধকতাকো নেওচি ই-ৰিক্সা চলায় চলাই গৈছে জীৱন সংগ্ৰাম ।
নাম তেওঁৰ লেখন বড়ো। অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা লেখন বড়োৱে ভৰি দুখনৰ বিসংগতিৰ বাবে ভালদৰে পঢ়া-শুনা কৰিব নোৱাৰিলে । কিন্তু বিশেষভাৱে সক্ষম হলেও জীৱনত হাৰ নামানি ই-ৰিক্সা চলাই দৈনিক ৪০০-৫০০শ টকা পৰ্যন্ত উপাৰ্জন কৰি পৰিয়াল পোহপাল দি আহিছে(International Women’s Day 2025)।
বিটিআৰ চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মানৱ সেৱা মিছনৰ অধীনত লেখন বড়োৱে ঈ-ৰিক্সাখন লাভ কৰিছে । নাৰীক অবলা আৰু দূৰ্বল বুলি সততে ক’ব খোজাসকলক নাৰী যে পুৰুষৰ তুলনাত কোনো গুণে কম নহয় সেই কথা প্ৰমাণ কৰি দেখুৱাইছে এইগৰাকী লেখন বড়োৱে। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা নিশ্চিতভাবে ই এক ভাল লগা আৰু অনুপ্ৰেৰণামূলক খবৰ।
লগতে পঢ়ক : WATCH | Panchayat polls : পঞ্চায়ত নির্বাচনক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা