WATCH | International Women’s Day 2025: মুছলপুৰত ACRD ৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন

মুছলপুৰ,৮মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত অসম চেন্টাৰ ফৰ ৰুৰেল ডেভেলপমেন্ট চমুকৈ এচিআৰডি নামৰ সংস্থাটোৱে আয়োজন কৰিছে আন্তৰ্জাতিক নাৰী দিৱস ।
নাৰী দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰিছে মহিলাৰ মাজত ৰছী টনা খেল । আনন্দপূৰ্ণ পৰিৱেশত ৰছী টনা খেলৰ পাছতে অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক মাইনী মহন্ত আৰু কেবাগৰাকীও মহিলা নেত্ৰী । অসমৰ প্ৰেক্ষাপটত আজিৰ নাৰীয়ে যথেষ্ট আগবাঢ়ি গৈছে বুলি মন্তব্য কৰি মাইনী মহন্তই কয় যে বিটিআৰ অঞ্চলৰ মহিলা সকল যথেষ্ট আগবঢ়া । ইফালে অসমৰ ৰাজনৈতিক ইতিহাসত আজিও নাৰীয়ে সংৰক্ষিত আসন লাভ কৰিব পৰা নাই বুলি দুখ প্ৰকাশ কৰে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে(International Women’s Day 2025)।
উল্লেখ্য যে প্ৰায় দুই শতাধিক মহিলাক গাহৰি পালনৰ জৰিয়তে সবলীকৰণৰ বাবে সহায় আগবঢ়োৱা বুলি মন্তব্য কৰে এচিআৰডিৰ সভাপতি নৱজ্যোতি শৰ্মাই ।
লগতে পঢ়ক : WATCH | Dhemaji News : শিক্ষা মন্ত্ৰী জিলাতেই প্ৰাথমিক শিক্ষা ক্ষেত্ৰত চৰম দৈন্যতা