WATCH | International Women’s Day 2025: বকোৰ বণিয়াভিঠাত আন্তৰ্জাতিক নাৰী দিৱস পালন

বকো,৮মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস। বকোৰ বণিয়াভিঠাত আন্তৰ্জাতিক নাৰী দিৱস পালন। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, জাতীয় মহিলা পৰিসদ, কামৰূপ গ্ৰাম্য জিলাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন।
প্ৰতি বছৰ ৮ মাৰ্চ তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ বিশ্বব্যাপী নাৰীসকলে এটি প্ৰধান উপলক্ষ্য হিচাপে উদ্যাপন কৰে এই দিৱস। সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, জাতীয় মহিলা পৰিশদ, কামৰূপ গ্ৰাম্য জিলাৰ উদ্যোগত কামৰূপ জিলাৰ বকোৰ বণিয়াভিঠা প্ৰাথমিক বিদ্যালয়ৰ খেল পথাৰত দিনযোৰা কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস।
কামৰূপ গ্ৰাম্য জিলা সমিতিৰ সভানেত্ৰী অদিতি কলিতা আৰু সম্পাদিকা দিপালী কলিতাই জনোৱা মতে আজিৰ এই আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্য্যসূচীত ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পন, খেল-ধেমালি,গীত-মাত মুকলি সভা, সম্বৰ্ধনা অনুস্থানৰ লগতে আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচী(International Women’s Day 2025)।
এই অনুষ্ঠানত খেল ধেমালিৰ উদ্বোধকৰ লগতে নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে জননেতা নগৰমল স্বৰ্গীয়াৰী, আৰু সম্বৰ্ধনা অনুস্থানত উপস্থিত থাকে বিৰেন্দ্ৰ তামুলাৰীৰ লগতে বহু সন্মানীয় অতিথি।
লগতে পঢ়ক : WATCH | International Women’s Day 2025: বঙাইগাঁও জিলাৰ অভয়াপুৰীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন