Local, Vocal, Global

Clashes Erupt at Assam-Tripura Border : অসম ত্ৰিপুৰা সীমান্তত তীব্ৰ উত্তেজনা

কৰিমগঞ্জ, ৩ ছেপ্টেম্বৰ: কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তৰ ঝেৰঝেৰি চেক পইন্টত তীব্ৰ উত্তেজনা । অসম আৰক্ষীৰ ওপৰত আক্ৰমণ একাংশ ত্ৰিপুৰাৰ লোকৰ(Clashes Erupt at Assam-Tripura Border) ।

ত্ৰিপুৰাৰ লোকৰৰ আক্ৰমণত আহত দুই আৰক্ষী বিষয়া । জানিব পৰা মতে আৰক্ষী বিষয়া দুজন কাঠলতলী আৰক্ষী অনুসন্ধান চকীৰ । ত্ৰিপুৰাৰ লোকৰ আক্ৰমণত আহত আৰক্ষী বিষয়া দুজন হৈছে এছ আই আশিষ মহন্ত আৰু আৰক্ষীৰ গাড়ীৰ চালক সমৰ নাথ । দুয়ো ৰাজ্যৰ সীমান্তত অব্যাহত আছে চেপা উত্তেজনা(Intense Situtation at Assam Tripura Borader of Karimganj) ।

উল্লখ্য যে, চোৰাং বানিজ্যিক কেন্দ্ৰ কৰি‌ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ।পৰিস্থিতি ইমানে উত্তপ্ত হৈ পৰে যে বন্ধ হৈ পৰিছে ২০৮ নম্বৰ চানখিৰা – কাঠলতলী ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যৱস্থা ।

ঘটনাৰ বিবৰণ অনুসৰি, শুকুৰবাৰে গভীৰ নিশা TR 02 B 1851 নম্বৰৰ অবৈধ চেগুন কাঠ ভৰ্তি TATA 409 নম্বৰৰ এখন ট্ৰাক অসম সীমান্তৰ গেইট ভাঙি কাঠ মাফিয়াই ট্ৰাকখন ত্ৰিপুৰাত প্ৰৱেশ কৰাইছিল । য’ত এই বিকল্প ৰাষ্ট্ৰীয় ঘাইপথেৰে পন্য কঢ়িওৱা গধুৰ বাহন চলাচলত নিষেধাজ্ঞা আছে

নিশা প্ৰায় ৯ মান বজাত বাঁহেৰে নিৰ্মিত সীমান্তৰ গেইট বন্ধ কৰি দিয়া হয়। যাত্ৰীবাহী বাহনও এই পথেৰে উভয় ৰাজ্যত অহা যোৱা কৰিব নোৱাৰে ।

অসম সীমান্তৰ লোক সকলৰ‌ অভিযোগ কৰা অনুসৰি, নিশা হোৱাৰ লগে লগে এই পথেৰে ত্ৰিপুৰা আৰক্ষীৰ সহযোগত চলি থাকে অবৈধ চোৰাং বাণিজ্য । ইয়াত উভয় ৰাজ্যৰ একাংশ মাফিয়াৰ পোনপটীয়া সহযোগ আছে । শুকুৰবাৰে সীমান্তৰ গেইট ভাঙি অবৈধ চেগুন কাঠ ভৰ্তি এখন ট্ৰাক ত্ৰিপুৰাত প্ৰৱেশ কৰোৱা হৈছিল,। সেয়েহে এই বিষয়টোক লৈ সৰৱ হৈ উঠিছে অসম সীমান্তৰ একাংশ লোক । এই বিষয়ে সৰৱ অসমৰ কামৰান পাছা নামৰ‌ এজন অধিবক্তা ।

তেনে সময়ত‌ ত্ৰিপুৰাৰ বদৰুল হক নামৰ এজন মাফিয়াই কামৰান পাছা নামৰ‌ এজন অধিবক্তা আৰু স্থানীয় এগৰাকী সাংবাদিকৰ ওপৰত আক্ৰমণ চলায় ।‌ ইয়াৰ পিছত অধিবক্তা কামৰান পাছা’ই কাঠলতলী আৰক্ষী অনুসন্ধান চকীত ত্ৰিপুৰাৰ বদৰুল হক’ৰ বিৰুদ্ধে এখন গোচৰ ৰুজু কৰে । আৰু এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঝেৰঝেৰি চেক পইন্টৰ পৰা অভিযুক্ত বদৰুল হক পলাই যায়।

অৱশেষত অসম আৰক্ষীয়ে ত্ৰিপুৰাত প্ৰৱেশ কৰি বদৰুল হক নামৰ লোকজনক আটক কৰিব বিচাৰিলে ত্ৰিপুৰাৰ সীমান্তবৰ্তী গাঁৱৰ লোকে অসম আৰক্ষীৰ ওপৰত আক্ৰমন চলাই । ইয়াৰ পিছত অসমৰ একাংশ লোকে ঝেৰঝেৰি চেক পইন্ট ঘেৰাও কৰি ৰাখিছে । এই ঘটনাক কেন্দ্ৰ কৰি‌ অসম ত্ৰিপুৰা সীমান্তত অব্যাহত আছে চেপা উত্তেজনা ।

লগতে পঢ়ক :Deadbody recovered : চাঞ্চল্যকৰ ঘটনা ! পুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ