Local, Vocal, Global

অসম ৰাইফলছৰ তিনিটা শিবিৰত বিদ্ৰোহী গোটৰ আক্ৰমণ

নিউজ ডেস্ক, ৯ আগষ্ট : অসম ৰাইফলছৰ সৈনিক আৰু নিষিদ্ধ ঘোষিত সংঘঠন আলফা স্বাধীন আৰু অৰুণাচল প্ৰদেশৰ নেচনেল ছ’চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ (NSCN) উগ্ৰপন্থীসকলৰ মাজত মঙলবাৰে পুৱতি নিশা এক বৃহৎ সংঘৰ্ষ সংঘটিত হয়।

খবৰ অনুসৰি, পুৱতি নিশা অসম ৰাইফলছৰ তিনিটা শিবিৰ বিদ্ৰোহী গোটবোৰে আক্ৰমণ কৰিছিল। বৰ্তমান সময়লৈকে আক্ৰমণত এজন জোৱান নিহত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৰাতিপুৱা প্ৰায় ৩ বজাত এনকাউণ্টাৰ আৰম্ভ হৈছিল।

আনহাতে, পৰৱৰ্তী সময়ত অধিক তথ্য লাভ কৰা যাব ।