Watch | Insulting the state hero in Lumding: ৰাষ্ট্রনায়কক অপমান লামডিংত
লামডিঙ: এই বছৰটো আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষ উদযাপন বৰ্ষ। তেওঁ আছিল এক মহান ৰাষ্ট্রনায়ক, কবি আৰু আধুনিক ভাৰতৰ এজন দূৰদৰ্শী নেতা। কিন্তু দুঃখজনকভাৱে ক’বলগীয়া যে লামডিংৰ প্ৰৱেশদ্বাৰ ইটা ভটা চৰিয়ালিত স্থাপন কৰা তেওঁৰ প্ৰতিমূৰ্তিটোৰ অৱস্থা বৰেই দুখজনক। শুভ উদ্বোধনী কৰাৰ আগতেই দুঅৱস্থা। কি মৰম আৰু দলৰ প্ৰতি কিমান নিষ্ঠা আছে প্ৰকাশ পালে এটা লামডিংৰ দৃশ্যই। এখন ছিঙি যোৱা কাপোৰে ঢাকি থোৱা প্ৰতিমূৰ্তি টো তথৈবচ আৰু ভাঙি ৰখাৰ দৃশ্যই উজাগৰ কৰিছে দলৰ মহান নেতাৰ প্ৰতি শ্ৰদ্ধা কিমান। এটা বৰ্ষৰো অধিক কাল ধৰি আনুষ্ঠানিক উদ্বোধনৰ অপেক্ষাত উপেক্ষিত হৈ পৰি আছে।